অসম

assam

মৰিয়নীত সাঁচি ভৰ্তি বলেৰ’ পিকআপ ভান জব্দ

By

Published : Apr 27, 2023, 6:14 PM IST

ETV Bharat / videos

Illegal agarwood seized: মৰিয়নীত সাঁচি ভৰ্তি বলেৰ’ পিকআপ ভান জব্দ

যোৰহাট, 27 এপ্ৰিল: ৰাজ্যজুৰি বিভিন্ন সামগ্ৰীৰ চোৰাং বেহা অব্যাহত থকাৰ সময়তে এইবাৰ মৰিয়নীত সাঁচি ভৰ্তি বলেৰ’ পিকআপ ভান জব্দ কৰা হৈছে (Illegal Agarwood seized) ৷ বৃহস্পতিবাৰ ৰাজ্য নাগালেণ্ডৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা এখন সাঁচি ভৰ্তি পিক আপ বাহন জব্দ কৰা হয় ৷  নিউ সোণোৱালত স্থানীয় ৰাইজে অবৈধভাৱে সৰবৰাহ কৰা সাঁচি ভৰ্তি বাহনখন জব্দ কৰি বন বিভাগক চমজাই দিয়ে (Agarwood loaded pickup van seized) ৷ 

জানিব পৰা মতে, গোলাঘাট জিলা জনৈক মুকুট আলী আৰু মৰিয়নীৰ নকচাৰীৰ জনৈক নাৱাজ, নাপটুল, দাদু নামৰ কুখ্যাত বনদস্যুৱে বন বিভাগৰ একাংশ ঘোচখোৰ বিষয়াৰ চত্ৰছায়াত দীৰ্ঘদিন ধৰি বনাঞ্চলৰপৰা কোটি কোটি টকাৰ সাঁচি অবৈধভাৱে সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ 

এইসকল ধুৰন্ধৰ সাঁচি বেপাৰীয়ে বন বিভাগৰ একাংশ বিষয়াক পকেটৰ জেপত ভৰাই গোলাঘাট আৰু মৰিয়নীৰ দেবেৰাপাৰৰ পৰা একাংশ ব্যৱসায়ীয়ে বনাঞ্চলৰ পৰা চোৰাংভাৱে সাঁচি সৰবৰাহ কৰি কোটি কোটি টকাৰ মুনাফা লুটি আহিছে বুলি সততে অভিযোগ উত্থাপিত হৈ আহিছে ৷ উল্লেখযোগ্য যে, যোৰহাট জিলা মৰিয়নী নিউ সোণোৱালত থকা বন বিভাগৰ বিষয়াসকল বন ৰক্ষাৰ বাবে নিয়োজিত হৈ নাথাকে বৰঞ্চ বনদস্যুক বনধ্বংসৰ বাবে অনুপ্ৰেৰণা দিয়া বাবেহে নিয়োজিত হৈ থাকে বুলি স্থানীয় লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ 

লগতে পঢ়ক:Kidnapping at Namsai: নামচাইত তেল ডিপোৰ গাণনিকক অপহৰণ তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তৰ

সম্প্ৰতি এইসকল ঘোচখোৰ বনবিভাগৰ বিষয়া কৰ্মচাৰী বিৰুদ্ধে ঊৰ্ধতন কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ'ব ৷

ABOUT THE AUTHOR

...view details