Again Zubeen controversy: বিতৰ্কত জুবিন, গীত নোগোৱাকৈয়ে মঞ্চ এৰিলে জুবিন গাৰ্গে - Zubeen left stage in Sivsagar
শিৱসাগৰ,১ মাৰ্চ: "কেতিয়াবা গান নাগাবলৈ মন যায়, কেতিয়াবা গান গাবলৈ মন যায় । আজি গান গাবলৈ মন নাই গান নাগাও, বাই বাই লভ ইউ !" পুনৰ বিতৰ্কত জুবিন গাৰ্গ । শিৱসাগৰত বিধায়ক অখিল গগৈৰ উদ্যোগত অনুষ্ঠিত হৈ থকা প্ৰতিভা সন্ধানীৰ প্ৰতিযোগিতাত গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গক (Zubeen controversy in Sivasagar) ।
সেই অনুসাৰে শিল্পীগৰাকী উপস্থিত হৈছিল শিৱসাগৰত । এসময়ত মঞ্চত উঠিল সকলোৰে প্ৰিয় শিল্পীগৰাকী । কিন্তু সংগীতানুষ্ঠান আৰম্ভ কৰিবলৈ লৈয়ে জুবিন গাৰ্গে আৰম্ভ কৰিলে আচহুৱা আচৰণ । সামান্য এটা গীতৰ কলি গায়েই গীত পৰিৱেশন কৰিবলৈ মন নাই বুলি মঞ্চ ত্যাগ কৰে শিল্পীগৰাকীয়ে(Zubeen left stage in Sivsagar) । লগে লগে অনুষ্ঠানটো উপভোগ কৰিবলৈ অহা লোকসকলো আচৰিত হৈ পৰে । জুবিনৰ এনে অপেচাদাৰী আচৰণত অসন্তষ্ট হৈ পৰে দৰ্শক । কিন্তু শিল্পীগৰাকীয়ে কিয় অনুষ্ঠান পৰিৱেশন নকৰিলে সেয়া সকলোৰে বাবে ৰহস্য হৈ পৰে ।
ক্ষোভিত হৈ পৰে দৰ্শক । ক্ষোভিত দৰ্শকে কয় যে জুবিন গাৰ্গ হাৰ্টথ্ৰৱ হ'ল বুলিয়েই সদায় দৰ্শকক ঠগাই থাকিব নোৱাৰিব । সদায় বিতৰ্কিত আচৰণ কৰি থাকিলে অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰিব জুবিন গাৰ্গক(Zubeen Garg in controversy) । সুৰাৰ ৰাগীত যি টি কাম কৰিলে অসমৰ ৰাইজে সহ্য কৰিব নোৱাৰিব শিল্পীগৰাকীক । আমি তেওঁক চাবলৈ আহিছো, গতিকে আমাৰ আগত যিকোনো আচৰণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰে ।
আনহাতে জুবিন গাৰ্গৰ এই আচৰণ সন্দৰ্ভত উদ্যোক্তাসকলে কয় যে শিৱসাগৰবাসীয়ে এক ঐতিহাসিক ক্ষণত আহি জুবিন গাৰ্গৰ অনুষ্ঠান উপভোগ কৰিবলৈ উপস্থিত হৈছিলহি । কিন্তু জুবিন গাৰ্গৰ এই আচৰণে শিৱসাগৰবাসীক অপমান কৰিছে বুলি উল্লেখ কৰে উদ্যোক্তাসকলে । জুবিন গাৰ্গৰ দৰে শিল্পীয়ে এনেবোৰ কথা ভালকৈ বিবেচনা কৰা উচিত বুলি উল্লেখ কৰি শিৱসাগৰবাসীয়ে জুবিন গাৰ্গৰ এই কৰ্মকাণ্ডত দুখ পোৱা বুলি প্ৰকাশ কৰে ।
লগতে পঢ়ক:LPG cylinders crisis: সাৱধান, ৪ মাৰ্চৰ পৰা বন্ধ হৈ পৰিব চিলিণ্ডাৰৰ যোগান !