Adulterated Diesel in Assam: ডিজেলৰ নামত বিক্ৰী চাবোন মিহলি পানী - Adulterated Diesel in Assam
শিৱসাগৰ, ১৬ মে':শিৱসাগৰত ডিজেলৰ নামত চাবোন মিহলি পানী বিক্ৰী কৰি গ্ৰাহকক ঠগোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে (Sale of adulterated Diesel in Sivasagar)। নগৰখনৰ দামানি পেট্ৰ'ল পাম্পত দীৰ্ঘদিন ধৰি পেট্ৰ'ল ডিজেলৰ নামত চাবোন মিহলি পানী বিক্ৰী কৰি চতুৰালিৰে চলাই আছিল ৰমৰমীয়া ব্যৱসায় । গ্ৰাহকক ৰাম ঠগন দি পেট্ৰ'ল ডিজেলৰ নামত ফেনযুক্ত তৰল পদাৰ্থ বিক্ৰী কৰাৰ অভিযোগ উথাপিত হৈছে ।
এজন গ্ৰাহকে নিজৰ বাহনত এনে ফেনযুক্ত পানী প্ৰত্যক্ষ কৰাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ২০০ লিটাৰ ডিজেলত ১০০ লিটাৰ পানী ওলোৱাত হতভম্ব হৈ পৰে গ্ৰাহক সুভাষ বিশ্বাস । বাহনৰ ইঞ্জিন বাৰে বাৰে বেয়া হোৱাত ভালকৈ নিৰীক্ষণ কৰাত পোহৰলৈ আহে এই ভয়ংকৰ তথ্য । গ্ৰাহকজনে বিষয়টো উভতি ধৰাত পাম্পৰ পৰা মেনেজাৰে পলায়ন কৰে ।
আনহাতে, প্ৰসাশনৰ নাকৰ তলতে তৈলজাত সামগ্ৰীৰ নামত গ্ৰাহকক ৰাম ঠগন দিয়া এই দামানি পেট্ৰ'ল পাম্পৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী গ্ৰাহকে । এই সন্দৰ্ভত জোখমাখ বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক:Crime in Dibrugarh: মৰাণৰ মছজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটিলে ৫০ হাজাৰ টকা