অসম

assam

শিলসাঁকোত অব্যাহত ৰাখিছে আৰক্ষী-প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat / videos

Silsako Beel eviction : শিলসাঁকোৰ জনতাৰ প্ৰতিবাদ নস্যাৎ কৰি তৃতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ - Silsako eviction update

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 2:29 PM IST

গুৱাহাটী, ৩ ছেপ্টেম্বৰ : হৃদয় ভঙা কান্দোনেও ৰখাব পৰা নাই খিলঞ্জীয়া চৰকাৰৰ অ-মানবীয় উচ্ছেদ অভিযান । জাতি-মাটি-ভেঁটিৰ শ্ল’গান দি দিছপুৰৰ মজিয়া দখল কৰা বিজেপি চৰকাৰখনে এফালৰ পৰা তচনচ কৰি পেলাইছে থলুৱা লোকৰ ঘৰ মাটি ।

শিলসাঁকোৰ জনতাৰ প্ৰতিবাদকো নেওচি আজি (দেওবাৰে) তৃতীয় দিনাও শিলসাঁকোত অব্যাহত ৰাখিছে আৰক্ষী-প্ৰশাসনৰ উচ্ছেদ অভিযান । দেওবাৰে পুৱাৰে পৰা শিলসাঁকোৰ সাতগাঁৱৰ সোনাই মিকিৰ পথ, দলবাৰি, বিষ্ণুনগৰ আদি অঞ্চলত প্ৰশাসনে বৃহৎ সংখ্যক নিৰাপত্তা ৰক্ষী মোতায়ন কৰি চলায় উচ্ছেদ অভিযান ।

কেইবাটাও RCC বিলল্ডিং, অসম আৰ্হিৰ ঘৰৰ লগতে এটা ৰাজহুৱা শিৱ মন্দিৰ ইতিমধ্যে সম্পূৰ্ণ ৰূপে ভাঙি পেলাইছে ৷ চৰকাৰৰ এনে উচ্ছেদৰ ফলত ক্ষোভ দাবানালৰ সৃষ্টি কৰিছে উচ্ছেদি লোকৰ মাজত । কোনো আগতীয়া জাননী নিদিয়াকৈ প্ৰশাসনে চলোৱা এই উচ্ছেদৰ ফলত সৃষ্টি এক হাহকাৰ সদৃশ পৰিৱেশৰ ।

লগতে পঢ়ক :Silsako Beel eviction : মুখ্যমন্ত্ৰীক কলিযুগৰ দস্যু আখ্যা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ

ABOUT THE AUTHOR

...view details