Aditya Khaklari controversial comment: টিংখাঙত জ্বলিল আদিত্য খাকলাৰীৰ পুত্তলিকা - Protest in Tingkhang
টিংখাং,২৪ জুন:সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীক গ্ৰেপ্তাৰ দাবীত টিংখাঙৰ ৰাজগড়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ আদিবাসী ছাত্র সন্থাৰ লগতে কেইবাটাও আদিবাসী ছাত্র সংগঠনে । ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীয়ে আদিবাসী সকলক লৈ কৰা বিৰূপ মন্তব্যৰ তীব্র বিৰোধিতা কৰি খাকলাৰীক আদিবাসী ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনায় ।
ওৰাও, চাওতাল, মুণ্ডা , খাৰীয়া আদি জনগোষ্ঠীসকলৰ নিজস্ব ইতিহাস আছে গতিকে আদিত্য খাকলাৰীয়ে আদিবাসী সকলৰ এই ইতিহাস নজনাকৈ বিৰূপ মন্তব্য নকৰিবলৈ সকিয়াই দি টিংখাঙৰ ৰাজগড়ৰ তিনিআলিত খাকলাৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্র সংগঠনে । অতি শীঘ্ৰে আদিত্য খাকলাৰীক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী সংগঠন কেইটাই । লগতে আদিবাসীসকলক জনজাতীয় মৰ্যাদা প্ৰদান কৰিবলৈও দাবী জনাই প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক:India Weather Forecast : ২৬ জুনত অসম আৰু মেঘালয়ত বৰষুণৰ সম্ভাৱনা