অসম

assam

১১, ১২ আৰু ১৩ জানুৱাৰীত ধেমাজিত অনুষ্ঠিত হ'ব আত্মনিৰ্ভৰ ধেমাজি

ETV Bharat / videos

১১, ১২ আৰু ১৩ জানুৱাৰীত ধেমাজিত অনুষ্ঠিত হ'ব আত্মনিৰ্ভৰ ধেমাজি - Minister Ronoj Pegu

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 1:37 PM IST

ধেমাজি,৭ জানুৱাৰী:এখন স্বাৱলম্বী ধেমাজি গঢ়াৰ সংকল্পৰে বিগত বছৰৰ দৰে এইবেলিও ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ সহযোগত অহা ১১, ১২ আৰু ১৩ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে ধেমাজি কাছাৰী ময়দানত অয়োজন কৰা হৈছে 'আত্মনিৰ্ভৰ ধেমাজি' ৷ এই সন্দৰ্ভত শনিবাৰে ধেমাজি আৱৰ্ত ভৱনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে  সম্বোধন কৰে এখনি সংবাদমেল ৷  

কৃষকসকলক আধুনিক প্ৰযুক্তিৰ লগত পৰিচয় কৰাই দিয়া, ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সৈতে সংযোজিত কৰাই দিয়া আৰু কৃষিৰ উত্তৰণৰ কাৰণে যিসমূহ প্ৰতিষ্ঠান আছে সেইসমূহৰ সৈতে পোনপটীয়াকৈ পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে 'আত্মনিৰ্ভৰ ধেমাজি'ৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত ব্যক্ত কৰে ৷  

ইয়াত মাৰ্কেটিঙৰো ব্যৱস্থা ৰখাৰ লগতে আটাইকেইটা দিনত গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে মহিলা সবলীকৰণ, অসমৰ গ্ৰাম্য জীৱিকা আন্দোলনত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান ৰ অধীনত CBO ৰ সফলতা কাহিনীকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হ'ব ৷ সেয়ে ধেমাজিবাসীৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে সংবাদমেলৰ অন্তত আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক গীতটি মুকলি কৰে ৰণোজ পেগুৱে ৷ 

লগতে পঢ়ক:ধেমাজিত খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ

ABOUT THE AUTHOR

...view details