অসম

assam

তেজপুৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত এটিএফ কেন্দ্ৰ মুকলি

By

Published : Feb 9, 2023, 5:45 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / videos

Addiction Treatment Facilities in Tezpur: তেজপুৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত এটিএফ কেন্দ্ৰ মুকলি

তেজপুৰ,৯ ফেব্ৰুৱাৰী :নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে বৃহস্পতিবাৰে ২৫ টাকৈ নিচা মুক্তি কেন্দ্ৰ মুকলি কৰিছে (25 ATF launched in India)। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড৹ বীৰেন্দ্ৰ কুমাৰে নতুন দিল্লীৰ ড৹ আম্বেদকাৰ ইণ্টাৰনেশ্যনেল কেন্দ্ৰৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰে এই কেন্দ্ৰসমূহ । ইফালে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ তেজপুৰত এটা নিচা মুক্তি কেন্দ্ৰ মুকলি কৰা হয় (ATF center launched in Tezpur)।

এডিকচন ট্ৰিটমেণ্ট ফেচিলিটি চেণ্টাৰ (Addiction Treatment Facilities) চমুকৈ এটিএফ চেণ্টাৰ তেজপুৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ভাৰ্চুৱেলী শুভ উদ্বোধন কৰা হয় । তেজপুৰৰ এই নিচামুক্তি কেন্দ্ৰৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ শৈলেন দেউৰীৰ লগতে অধ্যক্ষ ড৹ জ্যোতি হাজৰিকা ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২০ চনৰ ১৫ আগষ্টত ঘোষণা কৰিছিল যে সমগ্ৰ ভাৰতবৰ্ষ নিচা মুক্ত দেশ হিচাপে গঢ়ি তোলা হ'ব । যাৰ বাবে তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাইছিল । প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় স্বাস্থ্য আৰু গৃহ মন্ত্ৰণালয়ৰ তাৎপৰতাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তাৰ অংশস্বৰূপে দেশজুৰি ড্ৰাগছৰ বিৰুদ্ধে বহু অভিযানো চলোৱা হৈছে ।

আনহাতে দেশৰ গৃহ মন্ত্ৰীৰ পৰিৱৰ্তে কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী নৃত্যানন্দ ৰায়ে এটিএফ কেন্দ্ৰৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি কয় যে সমগ্ৰ দেশতে নিচা আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি ২০১৪ ৰ পৰা ২০২২ লৈকে প্ৰায় ৯৭ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰি ধ্বংস কৰা হৈছে । ইফালে অনুষ্ঠানত সকলোৱে নিচামুক্ত সমাজ গঢ়াৰ বাবে সমূহীয়া শপত গ্ৰহণো কৰে ।

তেজপুৰত এই বিশেষ এটিএফ কেন্দ্ৰটো মুকলি কৰাৰ লগে লগে প্ৰশাসন লগতে লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান সকলো কৰ্মকৰ্তা উৎসাহিত হৈছে (ATF center at LGBRIMH)। নিচা মুক্তি সমাজ গঢ়াৰ স্বাৰ্থত এই কেন্দ্ৰই বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও আশাবাদী মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালক লগতে আন আন বিষয়াসকল ।

লগতে পঢ়ক :Tinsukia municipality controversy: ক্ষমতাকেন্দ্ৰিক যুঁজ অব্যাহত তিনিচুকীয়া পৌৰসভাত

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details