Mahendra Hazarika on Accident: বিজুতিপূৰ্ণ পথৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ মহেন্দ্ৰ হাজৰিকাৰ - অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা
দুৰ্ঘটনাত পতিত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা (Mahendra Hazarika had an accident) ৷ দেওবাৰে নিশা শিৱসাগৰৰ আমগুৰি ঘাটৰ দিখৌ দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা ৷ জয়সাগৰৰ দিশৰ পৰা নগৰ অভিমুখে এখন হোণ্ডাই এচেন্ট বাহনত গৈ আছিল শিল্পীগৰাকী ৷ গৈ থকা অৱস্থাতে দলঙৰ কাষৰ এজোপা গছত খুন্দিয়াই আহত হয় শিল্পীগৰাকী ৷ দুৰ্ঘটনাটোত মূৰত আঘাত পাইছে শিল্পীগৰাকীয়ে ৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ জয়সাগৰস্থিত অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱাই শিল্পীগৰাকীক ৷ বৰ্তমান হাজৰিকাৰ অৱস্থা সন্তোষজনক বুলি চিকিৎসকে জানিবলৈ দিয়ে (Mahendra Hazarika health condition stable) । উল্লেখ্য যে শিৱসাগৰ নগৰৰ দিখৌ নদীৰ ওপৰত থকা পকী দলঙখনৰ দুয়োটা মূৰৰ কাৰিকৰী বিজুতিৰ বাবে ইতিমধ্যে বহু দুৰ্ঘটনা সংঘটিত হৈছে । দলঙখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা বহু বছৰ হ'ল যদিও এতিয়াও অস্থায়ী প্ৰৱেশ দ্বাৰ ব্যৱহাৰ হৈ থকাৰ ফলত বছৰটোত বহুকেইটা দুৰ্ঘটনা সংঘটিত হয় । এনে কাৰিকৰী বিজুতিপূৰ্ণ পথৰ বাবে দেওবাৰে দুৰ্ঘটনা সংঘটিত হোৱা বুলি সংগীত শিল্পীগৰাকীয়ে অভিযোগ উত্থাপন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে (Accident occurred due to technical faults in road) ।
Last Updated : Feb 3, 2023, 8:38 PM IST