অসম

assam

চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

ETV Bharat / videos

চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ই-ৰিক্সা চালক - বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 7:01 AM IST

জনীয়া, 12 ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কান্দুলীয়া তিনিআলি বজাৰৰ 2 নং বিকল্প ৰাজ্যিক ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । 2 নং বিকল্প ৰাজ্যিক ঘাইপথৰে বিপৰীত দিশৰ পৰা আহি থকা অৱস্থাত AS 19E R 1998 নম্বৰৰ এখন ই-ৰিক্সাক AS 01 DW 6442 নম্বৰৰ এখন তীব্ৰ বেগী চাৰিচকীয়া বাহনে জোৰেৰে খুন্দা মাৰে ৷ 

তীব্ৰ বেগী চাৰিচকীয়া মাৰুতি বাহনখনৰ খুন্দাত ই-ৰিক্সাৰ চালকজন গুৰুতৰভাৱে আহত হয় । স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি ই-ৰিক্সা চালকজনক ততাতৈয়াকৈ বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়ালৈ প্ৰেৰণ কৰে যদিও তেওঁ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 

আহত চালকজন বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত সন্তোষপুৰ 3 য় খণ্ড গাঁৱৰ আলী আকবৰ (35) বুলি জানিব পৰা গৈছে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখনৰ চালকজনে পলায়নৰ চেষ্টা কৰে যদিও বঙাইগাঁওৰ শিমলাবাৰীত ৰাইজে আটক কৰিবলৈ সক্ষম হয় । স্থানীয় ৰাইজৰ অভিযোগ মতে কান্দুলীয়া তিনিআলি বজাৰৰ দুয়োফালে যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে আৰু অতিশীঘ্ৰেই বজাৰৰ দুয়োফালে যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ৰাইজে দাবী জনায় ।

লগতে পঢ়ক:জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক

ABOUT THE AUTHOR

...view details