অসম

assam

By

Published : Aug 27, 2022, 8:42 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

চৰকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজপথত এবিভিপি

ৰাষ্ট্ৰীয় শিক্ষা নীতি বাহাল ৰাখি তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো অসমীয়া মাধ্যমৰ বিপৰীতে ইংৰাজীত শিক্ষাদানৰ অসম চৰকাৰে গ্ৰহণ কৰা অবৈজ্ঞানিক সিদ্ধান্ত বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে বিজেপি সমৰ্থিত ছাত্ৰ সংগঠন ABVP য়ে(Science and Math in English medium in Assam)। শুক্ৰবাৰে ছাত্ৰ সংগঠনটোৱে নগাঁৱত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটো সোচ্চাৰ হৈ পৰে অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় শিক্ষানীতি অনুযায়ী নিজৰ নিজৰ মাতৃভাষাতেই শিক্ষাদানৰ ব্যৱস্থা আছে যদিও অসম চৰকাৰে গণিত আৰু বিজ্ঞান বিষয়দুটাৰ পাঠদান ইংৰাজীত প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠাৰ সমান্তৰালকৈ বিজেপিৰ সমৰ্থিত ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ ABVP ও জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে । বিগত কিছুদিন ধৰি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ছাত্ৰ সংগঠনটোৱে। শুক্ৰবাৰে নগাঁৱতো সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অসম চৰকাৰৰ সিদ্ধান্ত বাতিল কৰি ৰাষ্ট্ৰীয় শিক্ষানীতি বাহাল ৰখাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ(National Education Policy 2020) ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details