অসম

assam

নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল

By

Published : Feb 18, 2023, 10:55 PM IST

ETV Bharat / videos

ABSU press meet: মূৰ্কংচেলেক আৰু পূৰ্বাঞ্চল মহাবিদ্যালয়ত পূৰ্বৰ পৰা পাঠদান কৰি অহা বড়ো মাধ্যমৰ প্ৰৱক্তাক নিযুক্তিৰ দাবী

জোনাই,১৭ ফেব্ৰুৱাৰী: জোনাই মহকুমাৰ উচ্চ শিক্ষানুষ্ঠান মূৰ্কংচেলেক মহাবিদ্যালয় আৰু পূৰ্বাঞ্চল মহাবিদ্যালয়, চিলাপথাৰত পূৰ্বৰ পৰাই বড়ো মাধ্যম বিষয়ত পাঠদান চলাই অহা প্ৰৱক্তাক নিযুক্তি দিবলৈ দাবী জনাইছে কেইবাটাও বড়ো জাতীয় সংগঠনে (All Bodo Students Union)।

উল্লেখ্য যে মূৰ্কংচেলেক মহাবিদ্যালয়ৰ বড়ো বিষয়ত ২০১৬ চনৰ পৰা শিক্ষকতা কৰি আহিছে হৰেণ ব্ৰহ্মই (Murkong Selek College) । আনহাতে পূৰ্বাঞ্চল মহাবিদ্যালয়, চিলাপথাৰত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে ২০১৬ চনতে ৰংজালু বসুমতাৰীক বড়ো বিষয়ৰ সহকাৰী অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰিছিল । তেতিয়াৰ পৰাই বড়ো বিষয়ৰ প্ৰবক্তা হিচাপে পূৰ্বাঞ্চল মহাবিদ্যালয়, চিলাপথাৰত শিক্ষকতা কৰি আহিছে ৰংজালু বসুমতাৰীয়ে ।

শেহতীয়াকৈ অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি অসমৰ পোন্ধৰখনকৈ মহাবিদ্যালয়ত খালি হৈ থকা বড়ো বিষয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি বিভিন্ন মহাবিদ্যালয়ত নতুন নতুন প্ৰাৰ্থীয়ে বড়ো বিষয়ৰ সহকাৰী অধ্যাপকৰ পদৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছে ।

ধেমাজি জিলাৰ মূৰ্কংচেলেক মহাবিদ্যালয় আৰু পূৰ্বাঞ্চল মহাবিদ্যালয়, চিলাপথাৰতো ১৩ ফেব্ৰুৱাৰী তাৰিখে বড়ো বিষয়ৰ সহকাৰী অধ্যাপক পদৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰে যদিও পূৰ্বৰ পৰাই শিক্ষকতা কৰি অহা সহকাৰী অধ্যাপক সকলক নিযুক্তি দিয়াৰ দাবীত বড়ো জাতীয় সংগঠনৰ লগতে মহাবিদ্যালয় দুখনৰ বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে আন্দোলনৰ কাৰ্যসূচী হাতত লয় ।

যাৰ ফলত সাক্ষাৎকাৰ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱা নাছিল বুলি বড়ো জাতীয় সংগঠনসমূহে সদৰী কৰাৰ লগতে পূৰ্বৰ পৰা বড়ো বিষয়ত পাঠদান চলাই থকা শিক্ষকসকলে মহাবিদ্যালয় কেইখনত বড়ো বিষয় সৃষ্টি কৰাৰ ক্ষেত্ৰত অপৰিসীম অৱদান আছে (ABSU demanding Boro medium lecturers appointment) ৷ 

সেয়েহে, উক্ত দুয়োখন মহাবিদ্যালয়ত বড়ো বিষয়ৰ সহকাৰী অধ্যাপক পদত পূৰ্বৰ পৰাই শিক্ষকতা কৰি অহা দুয়োগৰাকী শিক্ষকক নিযুক্তি দিবলৈ বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি, সংযুক্ত বড়ো গণ মঞ্চৰ ধেমাজি জিলা সমিতি, নিখিল বড়ো মহিলা কল্যাণ পৰিষদৰ ধেমাজি জিলা সমিতি, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদে দাবী জনাইছে  ।

লগতে পঢ়ক:AIUDF MLA slams Assam CM : অসমৰ মুখ্যমন্ত্ৰীক হিটলাৰৰ সৈতে তুলনা জনীয়াৰ বিধায়কৰ

ABOUT THE AUTHOR

...view details