Kobu Chapori in Jonai: কবু চাপৰিৰ পৰা উদ্ধাৰ কৰা শতাধিক কুকুৰক চিকিৎসা পশু চিকিৎসকৰ - কবু চাপৰি
জোনাই, 1 জুলাই: জোনাইৰ কবু চাপৰিৰ পৰা উদ্ধাৰ কৰা প্ৰায় শতাধিক প্ৰভুভক্ত পোহনীয়া কুকুৰক শনিবাৰে পশু চিকিৎসকৰ এটা দলে তিনিমাইল ঘাটত চিকিৎসা সেৱা আগবঢ়ায় ৷ পশু চিকিৎসকৰ দলটোৱে কুকুৰবোৰক বিভিন্ন ধৰণৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে কুকুৰবোৰক দিয়ে ভিটামিন আৰু ঔষধ ৷
ইয়াৰে ৮ টা কুকুৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়তো পশু চিকিৎসকৰ দলটোৱে কুকুৰসমূহক চিকিৎসা সেৱা চলাই যাব বুলি জানিবলৈ দিয়ে ৷ আনহাতে জোনাই প্ৰশাসনে বৃহস্পতিবাৰে উদ্ধাৰ কৰা শতাধিক কুকুৰৰ বাবে শিবিৰ বনাই তিনিমাইল ঘাটত ৰখাৰ ব্যৱস্থা কৰিছে ৷
ইফালে জোনাইৰ প্ৰকৃতি প্ৰেমী আৰু জীৱ-জন্তুক ভাল পোৱা বহু ব্যক্তিয়ে তিনি মাইলত থকা ভোকাতুৰ কুকুৰবোৰক বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক:কবু চাপৰিত অনাশ্ৰিত প্ৰভুভক্তৰ মৃত্যুমুখী যাত্ৰা; উদ্ধাৰৰ বাবে আহিল প্ৰশাসনৰ দল