অসম

assam

ETV Bharat / videos

Abnormal death of pigs in Nalbari:গাহৰিৰ অস্বাভাৱিক মৃত্যুত চিন্তিত পশুপালক - Sudden fever of Pigs in Nalbari

By

Published : Oct 18, 2022, 7:40 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

নলবাৰীৰ গুৱাকুছিত পশুপালক সম্ভু বৰ্মনৰ পামত গাহৰিৰ অস্বাভাৱিক মৃত্যু হৈছে (Abnormal death of pigs at Nalbari)। বিগত তিনি দিনত পামখনত ৮০ টাকৈ গাহৰিৰ মৃত্যুৰ ঘটনাই চিন্তিত কৰিছে পশু পালকগৰাকীক । দুই শতাধিক গাহৰি পালনেৰে স্বাৱলম্বিতাৰ পথ বাছি লোৱা বৰ্মনৰ এতিয়া মূৰত ভাগি পৰিছে সৰগ । ইফালে, আৰু কেবাটাও গাহৰি অসুস্থ হৈছে বুলি তেওঁ কয় । পশু পালকগৰাকীয়ে উল্লেখ কৰা মতে, হঠাৎ খাদ্য নোখোৱাৰ লগতে জ্বৰত ভুগি (Sudden fever of Pigs in Nalbari) গাহৰিবোৰৰ মৃত্যু হৈছে । চিকিৎসাৰ বাবে পালকগৰাকীয়ে পশু চিকিৎসা বিভাগক (Allegation against Veterinary Department) যোগাযোগ কৰিছে যদিও বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে পশু পালকগৰাকীয়ে। উল্লেখ্য যে এনেদৰে গাহৰিবোৰৰ অস্বাভাৱিক মৃত্যুত সম্প্ৰতি পালকগৰাকীৰ পাঁচ লাখ টকাৰ লোকচান হৈছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details