AATSA protest : গৃহজিলাতে আটছাৰ সকীয়নি শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণক - AATSA protest
Published : Sep 14, 2023, 4:13 PM IST
তিনিচুকীয়া, 14 ছেপ্টেম্বৰ:"চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰাৰ লগতে, চাহ শ্ৰমিকৰ আৱাসগৃহ সমূহ অতি শীঘ্ৰে মেৰামতি কৰিব লাগে ৷ চাহ শ্ৰমিকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ নকৰিব ৷ নিৰ্বাচনত দিয়া যোৱা প্ৰতিশ্ৰুতিসমূহ অতি শীঘ্ৰেই যাতে পূৰণ কৰে আমি তাৰ বাবে দাবী জনাইছো ৷ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে চাহ শ্ৰমিক সকলক লৈ যাতে হেতালি নেখেলে তাৰ বাবে আমি সকীয়াই দিছো ৷" গৃহজিলাতে প্ৰতিবাদকাৰী চাহ শ্ৰমিকে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধান কৰিবলৈ দাবী কৰি সকীয়নি দিয়ে এসময়ৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা তথা বৰ্তমানৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণক ৷
বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) তালাপ শাখা সমিতিৰ উদ্যোগত অসম চাহ মজদুৰ সংঘ- তালাপ চাহ বাগিচা প্ৰাথমিক গোট, তালাপ আহুবাৰী উপশাখা, ডাঙৰী চাহ বাগিচা উপশাখা আৰু স্থানীয় শ্ৰমিক ৰাইজৰ সহযোগত চাহ শ্ৰমিক সকলৰ জলন্ত সমস্যাসমূহ সমাধানৰ দাবীত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে চাহ শ্ৰমিকসকলে ৷
লগতে পঢ়ক:AATSA vs AASA: প্ৰদীপ নাগৰ বিৰুদ্ধে গৰজি উঠিল আটছা