অসম

assam

চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী

By

Published : Jul 10, 2023, 7:21 PM IST

ETV Bharat / videos

AATSA protest in Lakhimpur:জনজাতিকৰণৰ দাবীত আটছাৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

লখিমপুৰ, ১0 জুলাই: চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সোমবাৰে ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ জনজাতি ছাত্র সন্থাই (আটছা) । ৰাজ্যৰ আন জিলাৰ লগতে লখিমপুৰতো আটছাই প্ৰতিবাদী সমদল, ধৰ্ণাৰে নগৰখন কঁপাই তোলে । আটছাৰ নেতৃত্বত ত্যাগ ক্ষেত্রত সমবেত হৈ সহস্রাধিক চাহ জনগোষ্ঠীৰ লোকে নগৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে ।  

প্ৰতিবাদকাৰী আটছাৰ নেতৃত্বই কয় যে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ সকলো যোগ্যতা আছে । দীৰ্ঘদিন ধৰি চাহ জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব দিয়া নাই । নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ টোপ দি ক্ষমতালৈ অহাৰ পাছত টুপাই বুৰ মাৰে । জনগোষ্ঠীটোক এনেদৰে ৭৬ বছৰ ধৰি প্ৰতাৰণা কৰি অহা হৈছে বুলি আটছাৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে । উক্ত প্ৰতিবাদৰ অন্তত আটছাই জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:TMC Candidates in Rajya Sabha Polls : সুস্মিতাৰ আশা ভংগ; তৃণমূলে নিদিলে ৰাজ্যসভাৰ টিকট

ABOUT THE AUTHOR

...view details