অসম

assam

জুবিন গাৰ্গলৈ বিশেষ আহ্বান আছুৰ সম্পাদকৰ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 3:20 PM IST

ETV Bharat / videos

Zubeen Garg controversy : অজাপ বিতৰ্ক; জুবিন গাৰ্গলৈ বিশেষ আহ্বান শংকৰজ্যোতি বৰুৱাৰ

ডিব্ৰুগড়, 30 আগষ্ট: জুবিন গাৰ্গক ৰাজনৈতিক বিৰ্তকত সোমোৱাতকৈ সাংস্কৃতিক ক্ষেত্ৰখনক নেতৃত্ব দিবলৈ আহ্বান জনাইছে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই  ৷ কটন মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে অসম জাতীয় পৰিষদ এটা ফটুৱা পাৰ্টী বুলি কৈছিল ৷ ইয়াৰ পাছতে ৰাজ্যত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । 

জুবিন গাৰ্গে শাসক দল বিজেপিৰ কথা মতে অসম জাতীয় পৰিষদক লৈ এইদৰে মন্তব্য কৰা বুলি বহুতে জুবিন গাৰ্গক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । অসম জাতীয় পৰিষদক লৈ জুবিন গাৰ্গে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই । 

আছুৰ সম্পাদকগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "কা আন্দোলনৰ সময়ৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ভিত্তিত অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজৰ পৰা এটা বিকল্প ৰাজনৈতিক দল গঠনৰ চিন্তা কৰিছিল আৰু অসম জাতীয় পৰিষদ গঠন হৈছিল । কিন্তু সদৌ অসম ছাত্ৰ সন্থা সদায় অৰাজনৈতিক । সম্পূৰ্ণ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি জনসাধাৰণৰ ৰাজনৈতিক স্বাৰ্থ যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই সদায় মাত মাতি আহিছে । অসম জাতীয় পৰিষদক লৈ জুবিন গাৰ্গে কৰা মন্তব্যৰ পাছত সামাজিক মাধ্যমত নতুন প্ৰজন্মই যি ধৰণেৰে মন্তব্য দিছে তাক দেখি অনুমান হয়, জুবিন গাৰ্গ ৰাজনৈতিক বিৰ্তকত সোমোৱাতো কোনেও নিবিচাৰে । সেয়ে জুবিন গাৰ্গে ৰাজনৈতিক বিৰ্তকত সোমোৱাতকৈ সাংস্কৃতিক ক্ষেত্ৰখনক নেতৃত্ব দিয়ক । "

লগতে পঢ়ক: Loksabha election 2024: বিজেপিক ভেটিবলৈ ’বাগানে বাগানে কংগ্ৰেছ’

ABOUT THE AUTHOR

...view details