অসম

assam

বোকাজানত আছুৰ বিক্ষোভ কাৰ্যসূচী

By

Published : Aug 3, 2023, 5:21 PM IST

ETV Bharat / videos

AASU Protest in Karbi Anglong: বোকাজানত চিমেণ্ট কাৰখানাৰ প্ৰদূষণ নিয়ন্ত্ৰণ-থলুৱাক নিযুক্তিৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী

ডিফু, ৩ আগষ্ট: কাৰ্বি আংলং জিলাৰ বোকাজানস্থিত বিলাতী মাটিৰ কাৰখানা কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপিত হৈ অহা কেতবোৰ অভিযোগ সন্দৰ্ভত বৃহস্পতিবাৰে ʼআছুʼৰ উদ্যোগত বোকাজানত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উত্তৰ-পূৱ ভাৰতৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে বোকাজান বিলাতী মাটিৰ কাৰখানাৰ সম্প্ৰসাৰণৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰা, এশ শতাংশ পদত থলুৱা প্ৰাৰ্থীৰ নিযুক্তি, প্ৰদূষণ ৰোধ আৰু কাৰখানাৰ পাৰ্শ্বৱৰ্তী এলেকাত উন্নয়নমূলক কাম-কাজ ৰূপায়ণ কৰাৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মীৰ লগতে বোকাজানৰ স্থানীয় লোকসকলেও অংশগ্ৰহণ কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে ভাৰতীয় চিমেণ্ট নিগমৰ মুখ্য পৰিচালন সঞ্চালকলৈ উল্লিখিত দাবী সন্দৰ্ভত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে । আজিৰ বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক চৰ্জুন হাঞ্চে, কেন্দ্ৰীয় সমিতিৰ সদস্য অৰ্ণৱজ্যোতি কাকতি, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক দিগন্ত বৰা, বোকাজান প্ৰেছ ক্লাবৰ সভাপতি ৰণজিৎ বৰা, বোকাজান সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত শইকীয়া, চি চি আই কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সম্পাদক ৰবীন হাতীবৰুৱা আদি উপস্থিত থাকে ।

লগতে পঢ়ক: Congress protest in Tezpur: শোণিতপুৰ জিলা দিৱসৰ দিনাই তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details