অসম

assam

ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ পুত্তলিকা

ETV Bharat / videos

AASU Protest: ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ পুত্তলিকা - নামৰূপ সাৰ কাৰখানা

By

Published : Jul 22, 2023, 9:07 PM IST

মৰাণ, 22 জুলাই : উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানাটো বন্ধ কৰাক লৈ ডিব্ৰুগড়ত আছুৰ উত্তাল প্ৰতিবাদ ৷ ডিব্ৰুগড়ৰ চৌকীডিঙিত শনিবাৰে কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰীয় সাৰমন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ পুত্তলিকা দাহ কৰি নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ৷ 

উল্লেখ যে, উত্তৰ- পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা, অসম চুক্তিৰ স্বাক্ষৰৰ বিশেষ নিযুক্তিৰ স্থল বহন কৰা নামৰূপ সাৰ কাৰখানা এতিয়া বিলুপ্তিৰ পথত। নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে ডিব্ৰুগড়ত সদৌ অসম ছাত্র সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি তথ্য প্ৰকাশ পোৱাৰ পাচতেই কেন্দ্রীয় ৰসায়ন আৰু সাৰ বিভাগৰ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ পুত্তলিকা দাহ কৰি চহৰখনৰ মাজমজিয়াত পৰিবেশ উত্তাল কৰি তোলে। 

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত কেতিয়াও মানি লোৱাৰ নহ'ব বুলি হুংকাৰ আছুৰ । উল্লেখ্য যে, শেহতীয়াকৈ কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই লোকসভাত সাংসদ গৌৰৱ গগৈয়ে নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত নিটি আয়োগৰ অধ্যক্ষতা গ্ৰুপ অৱ অফিচাৰ্ছৰ গুৰুত্বপূৰ্ণ বৈঠকে সাৰকাৰখানাটো বন্ধৰ পৰামৰ্শ দিয়া বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰত স্পষ্ট কৰিছে । ইয়াৰ পিচতেই হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে সাৰ কাৰখানাৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ মাজত।

লগতে পঢ়ক:Assam flood Situation : ৰঙাপৰাত জৰাসৰ নৈৰ প্ৰৱল গৰাখহনীয়া

ABOUT THE AUTHOR

...view details