অসম

assam

ETV Bharat / videos

AASU Protest at Sasoni: চাচনীত চৰকাৰী মহাবিদ্যালয় স্থাপনৰ দাবীত আছুৰ প্ৰতিবাদ

By

Published : Oct 22, 2022, 8:50 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত, চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ(AASU Sasoni branch) উদ্যোগত চাচনীত এখন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ দাবীত শনিবাৰে শ্বহীদ অজিত নেওগ ভৱনৰ সন্মুখত আছুৱে দুঘণ্টীয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU Protest at Sasoni)। উল্লেখযোগ্য যে কৃষি প্ৰধান অঞ্চল হিচাবে খ্যাত বৃহত্তৰ চাচনী মৌজাত এখন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ বাবে চাচনী অঞ্চলৰ সচেতন মহল আৰু দল-সংগঠন সমূহে দীৰ্ঘদিন ধৰি এখন সংগ্ৰাম চলাই আহিছে । কিন্তু পৰিতাপৰ কথা যে ইয়াৰ পিছতো ৰাজ্য চৰকাৰে চাচনীবাসীৰ এই সংগ্ৰামখনৰ প্ৰতি সঁহাৰি নজনালে (Govt college at Sasoni)। নিৰ্বাচন আহিলেই জনপ্ৰতিনিধিসকলে চাচনীত এখন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনৰ বৈতৰণী পাৰ হ'লেই সেইয়া ফুটুকাৰ ফেনত পৰিণত হয় । যাৰ পৰিপেক্ষিতত আজি আছুৱে স্থানীয় ৰাইজৰ সহযোগত চৰকাৰ বিৰোধী বিভিন্ন শ্লো'গানেৰে উত্তাল কৰে চাচনীৰ আকাশ বতাহ ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details