AASU protest in Guwahati: আছুৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল মহানগৰী
গুৱাহাটী, ২৫ এপ্ৰিল: খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী, ৰন্ধন গেছৰ মূল্যবৃদ্ধি, বিদ্যুৎ মাছুল, টোলগেটৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে আছুৱে ৰাজ্যজুৰি প্ৰতিবাদ সাব্য়স্ত কৰে (Price hike in Assam)। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ন্যাসত প্ৰতিবাদ সাব্যস্ত কৰা হয় (AASU protest against price hike)। অসম চৰকাৰ হায় হায়, বিদ্যুৎ মাছুল হ্ৰাস কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, যোগান বিভাগ হায় হায়, টোল কৰ হ্ৰাস কৰক আদি শ্ল'গান দিয়াৰ লগতে হাতে হাতে বেনাৰ পোষ্টাৰ, মিঠাতেল, ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু পেট্ৰ'ল পাম্পৰ প্ৰতিকী লৈ শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে কয় যে, ৰাজ্যৰ যোগান বিভাগে মুল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে । মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলোৱাৰ পিচতো নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে চৰকাৰ তথা যোগান বিভাগে । প্ৰতিবাদকাৰীসকলে অতিশীঘ্ৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, জীৱন দায়িনী ঔষধৰ মূল্যৰোধ কৰিবলৈ দাবী জনায় ।
লগতে পঢ়ক:Jai Bharat Satyagraha: কংগ্ৰেছ এৰা নেতাৰ স্থান পূৰাবলৈ বহুতে আগবাঢ়ি আহিছে; গৌৰৱ গগৈ