অসম

assam

মাজুলীত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ

ETV Bharat / videos

HSLC science paper leaked: প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ - AASU burn Education Ministers effigy in Majuli

By

Published : Mar 13, 2023, 2:18 PM IST

মাজুলী, ১৩ মাৰ্চ:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই ফাদিল হোৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (HSLC 2023 science paper leaked)। ইতিমধ্যে পৰীক্ষা বাতিল কৰা হৈছে যদিও ছেৱাৰ লগতে শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাইজ তথা বিভিন্ন দল-সংগঠন । ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ লগতে শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুৰৰ পদত্যাগৰ দাবী জনাইছে আছুই । ইয়াৰ প্ৰতিবাদত ৰাজ্য়ৰ বিভিন্ন ঠাইৰ লগতে মাজুলী জিলা আছুই দাহ কৰিলে শিক্ষা মন্ত্ৰীৰ পুত্তলিকা (AASU burn Education Ministers effigy in Majuli)।

বছৰত এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবা আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সত্ৰ নগৰী মাজুলীত জিলা আছুই প্ৰতিবাদ সাব্য়স্ত কৰে । মাজুলীৰ ৰাজপথত আছুয়ে সাব্য়স্ত কৰিছে এই উত্তাল প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন শ্লোগানেৰে উত্তাল কৰে মাজুলীৰ ৰাজপথ (Majuli AASU protest against SEBA)। মাজুলী জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই এই প্ৰসংগত কয় যে ছেবাই পৰীক্ষাৰ নামত লাখ লাখ ছাত্ৰ-ছাত্ৰীক মানসিকভাৱে হাৰাশাস্তি কৰিছে । তেওঁ চৰকাৰে দোষীসকলৰ বিৰুদ্ধে তদন্ত কৰিব লাগে বুলি দাবী জনায় । 

লগতে পঢ়ক:HSLC Exam Question Paper Leaked : মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলে প্ৰকৃত স্বৰূপ উদঙালে ছেবাৰ

ABOUT THE AUTHOR

...view details