অসম

assam

ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ

ETV Bharat / videos

Protest in Dhemaji: ধেমাজিত শিক্ষামন্ত্ৰীক ব্যৰ্থ আখ্যা আছুৰ - AASU opposed english medium in schools

By

Published : Apr 8, 2023, 10:58 PM IST

ধেমাজি, ৮ এপ্ৰিল :অসম চৰকাৰে মাতৃভাষা মাধ্যমক লৈ গ্ৰহণ কৰা সিদ্ধান্ত বাতিলৰ দাবীত ধেমাজি সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ধেমাজি জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest against English medium Book) । প্ৰতিবাদকাৰীসকলে নগৰখনৰ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই ৷    

গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত পাঠদান কৰিবলৈ লোৱা চৰকাৰৰ হঠকাৰী সিদ্ধান্তক ছাত্ৰ সন্থাই গৰিহণা দিছে (AASU opposed english medium in schools) ৷ যি সময়ত গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে মাতৃভাষাৰ মাধ্যমত অভিযান্ত্ৰিক আৰু চিকিৎসাৰ পাঠ্যক্ৰমত অন্তভুৰ্ক্ত হ'ব লাগে বুলি দাবী কৰিছে সেইখন চৰকাৰে অসমত ওলোটা খৰ মাৰি গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজীত পাঠদান হ'ব লাগে বুলি কোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে ছাত্ৰ সন্থাই ।  

এইক্ষেত্ৰত ছাত্ৰ সন্থাই কয় যে, অসমত ব্যৰ্থ হৈছে শিক্ষামন্ত্ৰী ৷ নতুন শিক্ষানীতিৰ আধাৰত এনে জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি যাব বুলি সকীয়াই দিয়ে (Controcersy on english medium of Science) ৷ আজি প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক শৰ্মা , জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details