AASU protest in Dibrugarh: পুনৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে কঁপিল ডিব্ৰুগড় - Power Crisis in Assam
Published : Sep 7, 2023, 5:16 PM IST
ডিব্ৰুগড়,৭ ছেপ্টেম্বৰ: বিদ্যুতৰ সঘন লোড শ্বেডিঙৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ পুনৰ প্ৰতিবাদ । ডিব্ৰুগড় বিদ্যুৎ সংমণ্ডল কাৰ্যালয় সন্মুখত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে । জিলাখনৰ সকলো উপ-সংমণ্ডলৰ কাৰ্যালয়ত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে । চৰকাৰৰ প্ৰতিশ্ৰুতিবোৰ ৰঙীণ বিজ্ঞাপনতে সীমাবদ্ধ হৈ থকাৰ ফলত সময়ত বিদ্যুতৰ যোগান নাপাই ৰাইজে হাহাকাৰ কৰিব লগা হৈছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড় জিলাখনতো বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে ৰাইজে । শক্তি বিভাগক বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনাই আহিছে যদিও শক্তি বিভাগৰ গুৰুত্বহীনতাৰ পাছতে বৃহস্পতিবাৰে ডিব্ৰুগড়ত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে ডিব্ৰুগড় থাৰ্মেল খেলপথাৰৰ পৰা ডিব্ৰুগড় বিদ্যুৎ সংমণ্ডল কাৰ্যালয়লৈ এক সমদল যাত্ৰা কৰি, অসম চৰকাৰৰ শক্তি মন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গান দি কাৰ্যালয়ৰ সন্মুখত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰে ।
আগন্তুক দিনত বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে ডিব্ৰুগড় জিলা আছুৱে জংগী আন্দোলৰ কাৰ্যসূচী হাতত ল'ব বুলি সকিয়নী প্ৰদান কৰে । আনহাতে ডিব্ৰুগড় জিলাৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত টিংখাং, ৰাজগড়, খোৱাং, নাহৰকটীয়া, নামৰূপ, দুলীয়াজান, চাবুৱা বৰবৰুৱা, মৰাণ আদি কৰি ১৫ খন আঞ্চলিকে পৃথকে পৃথকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
লগতে পঢ়ক:Electricity camp in Nagaon: মুখ্যমন্ত্ৰী ড৹ শৰ্মাক মিছলীয়া আখ্যা ননৈ গোমোঠা গাঁওবাসীৰ