জনজাতিকৰণ, বানমুক্ত অসম, গৰাখহনীয়া কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিহে: শংকৰ জ্যোতি বৰুৱা - AASU Leader sankarjyoti Baruah react on BJP govt
ৰাজ্যিক বিজেপিৰ অলপতে মুকলি হোৱা পঞ্চতাৰকা হোটেল সদৃশ নৱ নিৰ্মিত মুখ্য কাৰ্যালয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই (AASU Leader sankarjyoti Baruah react on BJPs new office) ৷ জনজাতিকৰণ, বানমুক্ত অসম, গৰাখহনীয়া কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিহে ৷ এইবোৰ সমস্যা সমাধানৰ প্ৰতি চৰকাৰখনৰ কোনো আন্তৰিকতা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ লগতে এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে অকালতে হেৰাই যোৱা ঘটনাটোত দুখ প্ৰকাশ কৰে শংকৰ জ্যোতি বৰুৱাই((Reaction on death of Tejaswita Baruah)৷ অক্সিজেনৰ অভাৱত এগৰাকী কণমানিৰ মৃত্যু হোৱাটো দুৰ্ভাগ্যজনক বুলি কোৱাৰ লগতে মাজুলীৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে যি ব্যৱস্থা ল’ব লাগিছিল সেয়া আজি পৰ্যন্ত গ্ৰহণ নকৰিলে বুলি মন্তব্য প্ৰকাশ কৰে ছাত্ৰ নেতাগৰাকীয়ে ( AASU General secretary Sankar Jyoti Baruah)৷
Last Updated : Feb 3, 2023, 8:29 PM IST
TAGGED:
সদৌ অসম ছাত্ৰ সন্থা