অসম

assam

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

ETV Bharat / videos

Teachers involving in student politics :শিক্ষকে ৰাজনৈতিক মোহৰ থকা ছাত্ৰ সংগঠনত যোগদান কৰাটো গ্ৰহণযোগ্য নহয়; শংকৰজ্যোতি বৰুৱা

By

Published : Aug 9, 2023, 9:42 PM IST

ডিব্ৰুগড়, 9 আগষ্ট : ৰাজ্যখনৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধ্যাপকে বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগদান কৰাৰ ঘটনা খবৰ প্ৰচাৰ হোৱা পাছতেই সমগ্ৰ ৰাজ্যতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ৷ উত্তৰ লখিমপুৰ মহাবিদ্যালয় আৰু যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপককে প্ৰমুখ্য কৰি কেইবাগৰাকীও অধ্যক্ষ আৰু অধ্যাপকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগদান কৰাক লৈ বুধবাৰে নাহৰকটীয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷  

আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, শিক্ষকসকলে ৰাজনৈতিক মোহৰ থকা ছাত্ৰ সংগঠনত যোগদান কৰাটো গ্ৰহণযোগ্য নহয় ৷ কোনো ৰাজনৈতিক দলৰ আদৰ্শ থকাৰ কথা বেলেগ কিন্তু ৰছিদ লৈ যোগদানৰ কথাটো আশ্চৰ্য্যকৰ বিষয় বুলি কয় তেওঁ ৷ এনেধৰণৰ কথা-বতৰাই ছাত্ৰ সমাজক ক্ষতি কৰিব বুলিও কয় তেওঁ ৷

শিক্ষকতা বৃত্তিটোৰ প্ৰতি সন্মান জনাই, কৰ্মৰত মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ কথা ভাবি এনেধৰণৰ কাৰ্যৰ পৰা তেওঁলোক বিৰত থাকিব লাগে বুলি উল্লেখ কৰে ছাত্ৰ নেতাজনে ৷ লগতে চৰকাৰী সুবিধা লাভ আৰু ভৱিষ্যতে পদোন্নতিৰ বাবে এনে কাম কৰিছে বুলি কৈ সমগ্ৰ বিষয়টোক তীব্ৰ সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ 

লগতে পঢ়ক :AJYCP Protest in Delhi : যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণাত উত্তাল দিল্লীৰ যন্তৰ মন্তৰ

ABOUT THE AUTHOR

...view details