অসম

assam

ETV Bharat / videos

Samujjal Bhattacharya on Constituency Delimitation: খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত হ’ব লাগে সমষ্টি পুনৰ নিৰ্ধাৰণ - নুমলীগড় ৰিফাইনেৰী এম’প্লইজ ইউনিয়ন

By

Published : Dec 31, 2022, 7:59 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

শেহতীয়াকৈ ৰাজ্যসমূহৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৱে চৰ্চা লাভ কৰাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে(Constituency Delimitation in Assam) ৷ তেওঁ ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পোষকতা কৰে ৷ তেওঁ কয় যে, অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব, খিলঞ্জীয়া লোকৰ নিৰ্ণায়ক ভূমিকা আৰু অসমখন যে অসমীয়াৰ সেয়া নিশ্চিতকৰণৰ বিষয়টো পুনৰ নিৰ্ধাৰণত থাকিব লাগিব । ইফালে এন আৰ চি উন্নীতকৰণৰ(National Register of Citizens) ক্ষেত্ৰত ৰৈ যোৱা ত্ৰুতিসমূহ নাইকীয়া কৰিহে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দাবী জনায় ভট্টাচাৰ্যই । এন আৰ চি সন্দৰ্ভত কেলেংকাৰী, দুৰ্নীতি কৰাসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰো দাবী জনায় সমুজ্জ্বল ভট্টাচাৰ্যই । উল্লেখ্য যে, নুমলীগড় ৰিফাইনেৰী এম’প্লইজ ইউনিয়নৰ উদ্যোগত আয়োজিত সপ্ত শ্বহীদ সোঁৱৰণি একাংক নাটক প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত অংশ ল’বলৈ গোলাঘাটত উপস্থিত হৈছিল আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য(AASU chief advisor Samujjal Kumar Bhattacharya) ৷ অনুষ্ঠানত অংশ লৈ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত এই মন্তব্য কৰে ভট্টাচাৰ্যই ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details