অসম

assam

Bihu Celebration in Jonai: জোনাইৰ চিমেন চাপৰিত আছুৰ উদ্যোগত ৰঙালী বিহু উদযাপন

By

Published : Apr 15, 2023, 8:03 AM IST

বিহু উদযাপন

জোনাই, 15 এপ্ৰিল: চাওঁতে চাওঁতে পালেহি অসমীয়াৰ হেঁপাহৰ, প্ৰাণৰ স্পন্দন ৰঙালী বিহুটি ৷ এতিয়া ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইতো উলহ-মালহেৰে পালন কৰা হৈছে ৰঙালী বিহু (Bihu celebration across Assam) ৷  

জোনাইৰ চিমেন চাপৰিত অসমীয়াৰ প্ৰাণ স্পন্দন ৰঙালী বিহুটি আদৰিবলৈ অনুষ্ঠিত হয় চতুৰ্দশ বাৰ্ষিক ৰঙালী বিহু আদৰণি অনুষ্ঠান ৷ চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত শুকুৰবাৰে অনুষ্ঠিত হয় হৈ যায় চতুৰ্দশ বাৰ্ষিক ৰঙালী বিহু আদৰণি অনুষ্ঠান (Rangali Bihu celebrated in Jonai) ৷ 

চিমেন চাপৰি মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ বৰগোহাঁয়ে ৷ বিহুৰ বাকৰি উদ্ধোধন কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে ৷ ইয়াৰ পিচতে পৰম্পৰাগত কণী যুঁজ প্ৰতিযোগিতা, টাকুৰীত সূতা কটা প্ৰতিযোগিতা, ৰচি টনা প্ৰতিযোগিতা আদিৰ পিচতে অনুষ্ঠিত হয় বিভিন্ন জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শন অনুষ্ঠান (AASU celebrates Rangali Bihu At Jonai in Dhemaji) ৷

লগতে পঢক:Goru bihu 2023: ডিপোতা নৈৰ পাৰত গৰু বিহু উদযাপন

ABOUT THE AUTHOR

...view details