AASU adviser Prakash Das: বদৰুদ্দিন আজমলৰ মন্তব্যক গৰিহণা আছুৰ উপদেষ্টা প্ৰকাশ দাসৰ - বদৰুদ্দিন আজমল
ৰঙিয়া, 15 জুলাই: এ আই ইউ ডি এফৰ নেতা তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাসে ৷ তেওঁ কয় যে বদৰুদ্দিন আজমলৰ দৰে এজন নেতাই এনেধৰণৰ মন্তব্য কৰাটো শোভা নাপায় ৷
ৰাজনৈতিক লাভালাভৰ বাবে অসমীয়া সমাজখন এনেদৰে ভাগ-ভাগ কৰিবলৈ চেষ্টা কৰাটো অনুচিত বুলি কয় আছু নেতাজনে ৷ শান্তিপ্ৰিয় সমাজখনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই নিদিবলৈ বদৰুদ্দিন আজমলক সকিয়নী প্ৰদান কৰে আছুৰ নেতা গৰাকীয়ে ৷ লগতে সাতামপুৰুষীয়া একতা বজাই ৰাখি এনেধৰণৰ সাম্প্ৰদায়িক কথাবোৰ অসমীয়া ৰাইজক আওকাণ কৰিবলৈ অসমীয়া ৰাইজক অনুৰোধ কৰে নেতাগৰাকীয়ে ৷
লগতে পঢ়ক:AASU protest against price hike in Jorhat: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক, ৰাজ্যজুৰি আছুৰ বিক্ষোভ