অসম

assam

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat / videos

আদিবাসী মন্ত্ৰী-সাংসদক ২৫০ টকাত পৰিয়াল চলাবলৈ প্ৰত্য়াহ্বান আছাৰ - AASAA protest for increased of wages

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 2:56 PM IST

তেজপুৰ, ১৯ ডিচেম্বৰ :দীৰ্ঘদিনীয়া আছাৰ দাবী সমূহৰ লগতে চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰিলে । ইয়াৰ প্ৰতিবাদত মঙলবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাই তেজপুৰ আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত দুঘণ্টা অৱস্থান ধৰ্মঘট সাব্যস্ত কৰে ।

আছাৰ জিলা সভাপতি আনন্দ তাঁতীয়ে এই প্ৰসংগত কয় যে বিজেপি চৰকাৰে শাসনৰ পূৰ্বে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল যে বিজেপি শাসনত আহিলে চাহ শ্ৰমিকৰ ন্য়ূনতম মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিব । কিন্ত বৰ্তমানৰ চৰকাৰে মাত্ৰ ১৮ টকা বৃদ্ধি কৰি ২৫০ টকাহে প্ৰদান কৰিলে । তেওঁ ক্ষোভ প্ৰকাশ কৰি মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু পল্লবলোচন দাসক পৰিয়াল ২৫০ টকাত চলাবলৈ প্ৰত্য়াহ্বান জনায় । এই ২৫০ টকাৰে তেওঁলোকে পৰিয়াল চলায় দেখুৱাওক বুলি আছাৰ জিলা সভাপতি আনন্দ তাঁতীয়ে ক্ষোভেৰে প্ৰশ্ন কৰে ।  

সন্থাই চাহ শ্ৰমিকৰ মাজুৰি ৫৫০ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায় । আনহাতে,ভূমি পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি আজিও পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে । সেইবাবে অহা লোকসভা নিৰ্বাচনত আদিবাসী সমাজে বিজেপিক ভোট নিদিয়াৰ পৰিকল্পনা হাতত লৈছে বুলি তেওঁ কয় ।

লগতে পঢ়ক:চুৰি ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতেই চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details