Protest against electricity bill hike: বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীত নলবাৰীত আপৰ প্ৰতিবাদ
বৃহস্পতিবাৰে বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীৰে ৰাজ্যজুৰি আম আদমি পাৰ্টীয়ে সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী(AAP protest against hike of electricity bill) ৷ নলবাৰীতো বিদ্যুৎ বিভাগৰ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে(AAP protest in Nalbari) ৷ APDCLয়ে অধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি কৰা, পুঁজিপতিক বিদ্যুতৰ বিল ৰেহাই দিয়া আদি কাৰ্য বন্ধ কৰাৰ দাবী আম আদমী পাৰ্টীৰ(AAP protest against APDCL) ৷ প্ৰতিবাদৰ অন্তত নলবাৰীৰ বিদ্যুৎ বিভাগৰ মহাপ্ৰৱন্ধকৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হয় এখন স্মাৰক পত্ৰ ৷ আম আদমী পাৰ্টীৰ নলবাৰী জিলা সমিতিৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ৷
Last Updated : Feb 3, 2023, 8:38 PM IST