AAP protest against APDCL:বৰপেটাত বিদ্যুৎ মাচুল বৃদ্ধি প্ৰত্যাহাৰৰ দাবীত আপৰ অৱস্থান ধৰ্মঘট - AAP protest in Barpeta
সঘনাই বিদ্যুৎ মাচুল বৃদ্ধিৰ নামত ৰাজ্য চৰকাৰে সাধাৰণ গ্ৰাহকক মাধমাৰ শোধাই আহিছে ৷ ইয়াৰ বিপৰীতে বৃহৎ পূঁজিপতি গোষ্ঠীসমূহক কোটি কোটি টকাৰ বিদ্যুৎ মাচুল ৰেহাই দি আহিছে চৰকাৰে ৷ বিদ্যুৎ মাচুল বৃদ্ধি প্ৰত্যাহাৰৰ দাবীত বৃহস্পতিবাৰে বৰপেটাত আম আদমী পাৰ্টী চমুকৈ আপে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AAP protest in Barpeta) ৷ আজি বৰপেটাৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ত আপে এই প্ৰতিবাদ সাব্যস্ত কৰে (AAP protest against Electricity charges hiked) ৷ আপৰ বৰপেটা জিলা সমিতিৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমৰ্থকসকলে হাতে হাতে বেনাৰ আৰু প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷