ঋণৰ পাচত ঋণ লৈ চৰকাৰে বোজা জাপি দিছে ৰাইজৰ ওপৰত: মনোজ ধানোৱাৰ - ঋণৰ পাচত ঋণ লৈ চৰকাৰে বোজা জাপি দিছে ৰাইজৰ ওপৰত
Published : Dec 10, 2023, 8:19 AM IST
ডিব্ৰুগড়, ১০ ডিচেম্বৰ :ৰাইজৰ সেৱাৰ বাবে ধনৰ অভাৱ নাই বিজেপি চৰকাৰৰ ৷ এই কথা শাসক দলৰ মুখ্যমন্ত্ৰীৰ পৰা সকলো মন্ত্ৰীয়ে কৈ আহিছে যদিও ৰাজ্য চৰকাৰখনে ঋণৰ পাচত লৈছে ঋণ । চৰকাৰে এই ঋণ মাৰিবলৈ ৰাইজৰ ওপৰত বিভিন্ন ধৰণৰ কৰ নিৰ্ধাৰণ কৰি ৰাইজক শোষণ কৰা বুলি বিৰোধী ৰাজনৈতিক দলসমূহে সমালোচনা কৰি আহিছে ৷ কিন্তু বিৰোধীৰ সমালোচনাকলৈ গুৰুত্ব নাই ৰাজ্য চৰকাৰৰ । এই অভিযোগ আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰৰ ।
পুনৰ ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ ধন ঋণ ল’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা পাচতেই চৰকাৰক তীব্ৰ সমালোচনা আপৰ ৰাজ্যিক নেতাগৰাকীয়ে । শনিবাৰে ডিব্ৰুগড়ৰ চেপনত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰে পুনৰ ঋণ লোৱা সন্দৰ্ভত তেওঁ কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘চৰকাৰৰ হাতত যদি ধন আছেই, তেন্তে ঋণ কিয় ল'ব লগা হৈছে ? ঋণৰ ওপৰত ঋণ লৈ অসম আৰু জনসাধাৰণক বিপদৰ মুখলৈ লৈ গৈছে’’ ৷
আনহাতে, চৰ অঞ্চলৰ খিলঞ্জীয়া মুছলমানৰ ওপৰত চলাবলগীয়া সমীক্ষা সন্দৰ্ভতো তেওঁ কয়, ‘‘ই বিজেপিৰ নিৰ্বাচনী এটা কুচকাৱাজ । বিজেপিয়ে গম পাইছে যে হিন্দু-মুছলমানৰ ৰাজনীতি আৰু বেছি দিন কৰিব নোৱাৰি ৷ সেয়ে এতিয়া নতুন ৰণনীতি তৈয়াৰ কৰিছে বিজেপিয়ে’’ ।
লগতে পঢ়ক :ৰাহুল গান্ধী, সাংসদ ধীৰজ চাহুৰ পুত্তলিকা দাহ কৰি ধুবুৰীত বিজেপিৰ প্ৰতিবাদ
TAGGED:
AAP leader Manoj Dhanowar