অসম

assam

আপৰ প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat / videos

AAP holds protest over Manipur incident: মণিপুৰৰ পৰিস্থিতিক লৈ লখিমপুৰত আপৰ প্ৰতিবাদী কাৰ্যসূচী - আম আদমি পাৰ্টী

By

Published : Jul 25, 2023, 9:56 PM IST

লখিমপুৰ, ২৫ জুলাই :দেশ কপোৱা মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰীয়ে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ তুলি মঙলবাৰে সন্ধ্যা ৰাজ্যজুৰি আম আদমি পাৰ্টীয়ে প্ৰতিবাদী সমদল কৰে । লখিমপুৰতো আপৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী  ৰূপায়ণ কৰে । আপে জোৰ সমদল কৰিবলৈ বিচাৰিছিল যদিও আৰক্ষীৰ বাধাত জোৰ অবিহনেই প্ৰতিবাদী সমদল কৰে ।

প্ৰতিবাদী সমদলত শিখা জ্বলাবলৈ নিদিলে আৰক্ষীয়ে । আপৰ জিলা কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদলটোৱে সমগ্ৰ নগৰখন পৰিভ্ৰমণ কৰে । মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰক, নাৰী সকলক সুৰক্ষা দিয়ক, বিজেপি হায় হায়, নাৰী নিৰ্যাতন বন্ধ কৰক, বিজেপি গ’ বেক, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি শ্ল’গান দি প্ৰতিবাদকাৰী সকলে নগৰখন উত্তাল কৰি তোলে ।

প্ৰতিবাদী আপৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি কয় মণিপুৰৰ দেশ কপোৱা ঘটনাৰ পাচতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰ দায়িত্বহীনভাৱে মৌন কিয় ? মণিপুৰৰ ঘটনাই ভাৰতক বিশ্বৰ ওচৰত লজ্জিত কৰিছে । মানৱ অধিকাৰ খৰ্ব হোৱা মণিপুৰৰ ঘটনা মোকাবিলা নকৰি গোষ্ঠী সংঘৰ্ষত সমগ্ৰ দেশ শেষ হৈ যোৱাটো বিজেপি চৰকাৰে বিচাৰে নে কি বুলি প্ৰশ্ন তুলি প্ৰতিবাদী আপৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে । তেওঁলোকে চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে গৰিহণা দি শীঘ্ৰে ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ দাবী জনায় ।

লগতে পঢ়ক :Protest Against Manipur incident:মণিপুৰ কাণ্ডক লৈ সত্ৰ নগৰী মাজুলীত আম আদমী পাৰ্টীৰ কেণ্ডেল মাৰ্চ

ABOUT THE AUTHOR

...view details