অসম

assam

ETV Bharat / videos

Cleaning Campaign in AAP worker: বৰপেটাৰ ভেল্লাত আম আদমী পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস পালন - চাফাই অভিযান কাৰ্যসূচী

By

Published : Nov 26, 2022, 2:12 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

বৰপেটাৰ ভেল্লাত আম আদমী পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস পালন (AAP foundation day) । প্ৰতিষ্ঠা দিৱস উপলক্ষে ভেল্লা বজাৰ অঞ্চলত চাফাই অভিযান কাৰ্যসূচী ৷ চাফাই অভিযানত অংশ লয় আপৰ কৰ্মীসকলে ৷ হাতে হাতে বাঢ়নি লৈ ভেল্লা বজাৰৰ বাট-পথ চাফ চিকুন কৰাৰ লগতে বজাৰ অঞ্চলত থুপ খাই থকা জাৱৰ-জোঁথৰবোৰো চাফা কৰে কৰ্মীসকলে । আপ'ৰ ভেল্লা গাঁওপঞ্চায়ত সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত আয়োজন কৰা চাফাই অভিযানত অৰ্ধ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। চাফাই অভিযানত অংশ লৈ আপ'ৰ ভেল্লা গাঁওপঞ্চায়তৰ সভাপতি মিৰাজুল হকে কয়," বাঢ়নিৰে যি দৰে আৱৰ্জনা চাফা কৰিব পাৰি ঠিক তেনেদৰে আপৰ ৰাজনৈতিক আদৰ্শৰে সমাজৰ পৰা শোষণ, দুৰ্নীতি আতৰ কৰিব পৰা যাব ৷"
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details