অসম

assam

ডিফুত AAP ৰ পূৰ্ণাংগ কমিটি গঠন

ETV Bharat / videos

AAP meeting in Diphu: ডিফুত AAP ৰ পূৰ্ণাংগ কমিটি গঠন - AAP meeting in Diphu

By

Published : May 1, 2023, 1:21 PM IST

ডিফু,১ মে':  ডিফুৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ নয়নাভিৰাম দৃশ্যাৱলীৰে পৰিপূৰ্ণ ৰিক্ৰিয়েছন পাৰ্কত দেওবাৰে গঠন কৰা হয় আম আদমী পাৰ্টীৰ পূৰ্ণাংগ সমিতিখন ৷ উদ্যানখনত সমবেত হোৱা কাৰ্বি আংলং জিলাৰ আম আদমী পাৰ্টীৰ শীৰ্ষ নেতা-কৰ্মীৰ আৰু সদস্যসকলৰ উপস্থিতিত গঠন কৰা হয় সমিতিখন (AAP forms full-fledged committee in Diphu) ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আম আদমী পাৰ্টী কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মিণ্টু পাটৰে কয় যে, পূৰ্বৰ ২১ জনীয়া সমিতিখন অক্ষুণ্ণ ৰাখি জিলাখনত আপৰ অভুতপূৰ্ব উত্থানৰ ফলত দলত যোগদান কৰি দললৈ নিঃস্বাৰ্থ সেৱা আগবঢ়াবলৈ সক্ৰিয় হিচাবে আগবাঢ়ি অহা সদস্যসকলক লৈ পুনৰ ৫২ জনীয়া শক্তিশালী সমিতিখন গঠন কৰা হয় (AAP meeting in Diphu) ৷  

নতুন সমিতিখনে অনাগত দিনত ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ শপত গ্ৰৰণ কৰি সংকল্পবদ্ধ হৈছে ৷ ইফালে আপৰ কাৰ্বি আংলং জিলা উপসভাপতি ফুডিং তেৰাঙে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, কাৰ্বি আংলঙত আপৰ স্থিতি যথেষ্ট মজবুত ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ দলে প্ৰাৰ্থীক টিকট দিব ৷  

পাহাৰীয়া জিলাখনত, শিক্ষা, যাতায়ত, পানী যোগান, বিজুলী সেৱা আৰু উন্নয়নৰ দিশটোত যথেষ্টখিনি কৰণীয় আছে ৷ সেইবোৰ কৰিবলৈ আম আদমী পাৰ্টী বদ্ধপৰিকৰ ৷ পাহাৰীয়া জিলাখনৰ দুৰ্নীতিৰ ক্ষেত্ৰত বৰ্তমান শাসনাধিষ্ঠ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাণসাৰ নাই বুলিও অভিযোগ উত্থাপন কৰে ৷ 

লগতে পঢ়ক:Road accident in Majuli: দুৰ্ঘটনাত পতিত বাহনৰ পৰা ওলাল এয়াৰ গান

ABOUT THE AUTHOR

...view details