AAP vs Himanta: হিমন্ত বিশ্ব শৰ্মাক পাঁচটা প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান আপৰ - Kejriwal vs Himanta Biswa
গুৱাহাটী, 3 এপ্ৰিল:গুৱাহাটীস্থিত আপৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ (Rajesh Shamra AAP) সংবাদমেল ৷ সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দি পাঁচটা প্ৰশ্ন উত্থাপন কৰে আপৰ ৰাষ্ট্ৰীয় তত্বাৱধায়কগৰাকীয়ে (AAP challenge Assam CM) ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ উত্থাপন কৰা প্ৰশ্নকেইটা হ’ল-
1. গুৱাহাটীৰ নাগৰিকে কেতিয়ালৈ খোৱাপানী পাব আৰু গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ নামত কিমান টকাৰ কেলেংকাৰী হৈছে ?
2. অসমত বিজুলীৰ মাচুল কিয় বাৰে বাৰে বাঢ়ি গৈ আছে ? দিল্লীত যদি বিজুলী ইমান সস্তা হ’ব পাৰে, তেন্তে অসমত কিয় ইমান উচ্চ দাম ?
3. অসমত প্ৰশ্নকাকত কিয় ফাদিল হৈ আছে আৰু প্ৰশ্নকাকত ফাদিল বিষয়টোত ছেবাৰ অধ্যক্ষ আৰু শিক্ষামন্ত্ৰীৰ ওপৰত কি ব্যৱস্থা লোৱা হ’ল ?
4. অসমত হিমন্ত বিশ্বৰ চৰকাৰৰ দিনত কয়লা, চুপাৰি, শিল আদিৰ যি ছিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপিত হৈ আছে, তাৰ ধনৰ ভাগ কোন কোন বিজেপিৰ নেতা বা নেতাৰ আত্মীয় বা বন্ধুৰ হাতলৈ যায় ?
5. বিদ্যালয় একত্ৰিকৰণৰ নামত যে বিদ্যালয়বোৰ বন্ধ কৰিছে, এনেস্থলত দৰিদ্ৰ ঘৰৰ সন্তানে ক’ত পঢ়িব ?
এই পাঁচটা প্ৰশ্নৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বান জনায় আপৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাই (Kejriwal vs Himanta Biswa) ৷