অসম

assam

পিতৃৰ ক্ষমতাৰ সুযোগ লৈ দুৰ্নীতি কৰিছে মন্ত্রী অশোক সিংহলৰ পুত্ৰই

Allegation against BJP minister son: "পিতৃৰ ক্ষমতাৰ সুযোগ লৈ দুৰ্নীতি কৰিছে মন্ত্রী অশোক সিংহলৰ পুত্ৰই"-AAP

By

Published : Apr 29, 2023, 9:56 PM IST

Published : Apr 29, 2023, 9:56 PM IST

গুৱাহাটী, 29 এপ্ৰিল:গুৱাহাটীৰ মাজমজিয়াৰ অনিল নগৰত প্ৰ'টেক হাউছিং নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি থকা কেবা মহলীয়া অট্টালিকাৰ নিৰ্মাণ সম্পৰ্কত গুৰুতৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে আপ অসমৰ উপ সভাপতি জিতুল ডেকাই (Protech housing scam) । নির্মীয়মান অট্টালিকাটোৰ সন্মুখলৈ শনিবাৰে সাংবাদিকসকলক নিমন্ত্ৰণ কৰি আপ অসমৰ উপ সভাপতি জিতুল ডেকাই কয় যে, প্ৰ'টেক হাউছিং হৈছে মন্ত্রী অশোক সিংহলৰ পুত্ৰৰ প্ৰতিষ্ঠান (allegation against Minister Ashok Singhal’s Son) । 

তেওঁ লগতে কয় যে, অশোক সিংহল গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী হোৱাৰ সুযোগ লৈ অনিয়ম সংঘটিত কৰিছে প্ৰ'টেক নামৰ প্ৰতিষ্ঠানটোৱে (AAP allegation against Minister’s Son)। তৰুণ নগৰৰ ঘন আৱাসিক এলেকাত কি দৰে ইমান উচ্চ অট্টালিকা নিৰ্মাণৰ অনুমতি পালে প্ৰ'টেকে বুলি ডেকাই প্ৰশ্ন কৰে ।  

লগতে জিতুল ডেকাই কয় যে, এই অট্টালিকালৈ যোৱা অনিল নগৰ ১নং উপ পথেৰে দুখন বাহন অতিক্ৰম কৰিব নোৱাৰে । আনহাতে তৰুণ নগৰ ২নং উপ পথেৰে একমাত্ৰ এই অট্টালিকালৈ যোৱাৰ বাবে ভৰলু নৈৰ ওপৰত সাজি লৈছে এখন ঠেক লোৰ দলং। এই দলংখনেৰেও একেলগে দুখন বাহন অহা যোৱা কৰিব নোৱাৰে । দলংখনৰ প্ৰস্থ হৈছে মাত্র ১৫ ফুট । যি সময়ত বাহিনী নৈ সুৰক্ষা কৰাৰ নামত দলংসমূহ ভাঙি দিবলৈ মন্ত্রী অশোক সিংহলে সিদ্ধান্ত লৈছে সেই সময়তে পুত্ৰৰ প্রতিষ্ঠানে নিৰ্মাণ কৰি থকা অট্টালিকালৈ যোৱাৰ বাবে সাজি লৈছে নৈৰ ওপৰত দলং।  

মুখ্যমন্ত্ৰীয়ে গুৱাহাটীখন চোৱা-চিতাৰ দায়িত্ব অর্পণ কৰাৰ সুবিধা গ্ৰহণ কৰি প্ৰ'টেকক অনিয়ম কৰাৰ সুযোগ প্রদান কৰিছে মন্ত্ৰী অশোক সিংহলে । জিলা প্রশাসন, দুর্যোগ প্রশমন বিভাগ, জি এম চি, জি এম ডি এ ৰ দৰে ইমানবোৰ বিভাগ থকাৰ পিচতো কি দৰে প্ৰ'টেক হাউছিঙে নীতি বহিভূর্তভাৱে এই অট্টালিকা নির্মাণ কৰিবলৈ সক্ষম হৈছে ? 

লগতে পঢ়ক:Assam State Zoo : কেনে অৱস্থাত আছে অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌপাশৰ দেৱাল ?

এই কার্যত জড়িত সকলো বিভাগৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্রীক জিতুল ডেকাই দাবী জনায় । লগতে মুখ্যমন্ত্রী নাইবা সততে বিভিন্ন ক্ষেত্ৰত চাদেন ভিজিট কৰা মন্ত্রী পীযুষ হাজৰীকাক অট্টালিকাটো পৰিদৰ্শন কৰি সকলো দিশ চালি জাৰি চাবৰ বাবে আপ অসমৰ উপ সভাপতিগৰাকীয়ে আহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details