অসম

assam

অসমৰ সংখ্যালঘুসকলক গুলিয়াই হত্যা কৰাৰ প্ৰস্তাৱ আমছুৰ

By

Published : Feb 14, 2023, 9:18 PM IST

ETV Bharat / videos

Shoot minorities to death: অসমৰ সংখ্যালঘুসকলক গুলিয়াই হত্যা কৰাৰ প্ৰস্তাৱ আমছুৰ !

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী: ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকলাপৰ ওপৰত ক্ষোভ প্ৰকাশ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ (AAMSU on Assam govt)। “সংখ্যালঘু লোকসকলক হয় ৱাল দি পৃথক কৰি দিয়ক, নহয় গুলিয়াই হত্যা কৰক ৷” এই বিস্ফোৰক মন্তব্য আমছুৰ সভাপতিৰ (Shoot minorities to death) । 

সংখ্যলঘু সংগঠনটোৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে মঙলবাৰে মন্তব্য কৰি কয়, “মুখ্যমন্ত্ৰীয়ে যদি ৰজা হৈ প্ৰজাক অত্যাচাৰ কৰে তেনেহ'লে মাজত এখন ৱাল দি দিয়ক ৷ পাৰিলে মানুহখিনিক গুলিয়াই হত্যা কৰি দিয়ক ৷” ৰেজাউল কৰিমৰ এই মন্তব্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Rejaul Korim Sarkar on Assam Govt)।

আজি মঙলবাৰে বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় (AAMSU executive meeting) । এই সভাত লগতে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয়, ''আমছুৰ যি আন্দোলন সেই আন্দোলন অনাগত সময়টো চলি থাকিব’’ (Aamsu proposes Assam Govt to shoot minorities) । 

বিভিন্ন সময়ছোৱাত আমছুৱে জনতাৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি তেওঁ মন্তব্য কৰে । বিজেপি নেতৃত্বাধীন চৰকাৰে যদি আমছুৰ এই কাৰ্যসূচী গুৰুত্ব নিদিয়ে দিছপুৰত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব । আগন্তুক সময়ত নামনিৰ লগতে উজনি অসমতো আমছুৱে নাগৰিক অভিৱৰ্তন কৰি আমছুক শক্তিশালী কৰি তুলিব বুলি মন্তব্য প্ৰকাশ কৰিলে সভাপতিগৰাকীয়ে (AAMSU to protest against Govt)।

লগতে পঢ়ক:Bhupen Bora reacts over alliance : কোনো কাৰণতে নিজৰ সিদ্ধান্ত সলনি নকৰে ভূপেন বৰাই !

ABOUT THE AUTHOR

...view details