অসম

assam

জলজীৱন মিছনৰ উন্মুক্ত গাঁত

ETV Bharat / videos

Jal Jeevan Mission:গুৱাহাটীৰ পিচতে ডিব্ৰুগড়ত এইবাৰ জলজীৱন মিছনৰ উন্মুক্ত গাঁতত পৰি কৰুণ মৃত্যু এজনৰ

By

Published : Jun 9, 2023, 4:38 PM IST

ডিব্ৰুগড়, 9 জুন : গুৱাহাটীৰ পিচতে ডিব্ৰুগড়তো ভয়ংকৰ দুৰ্ঘটনা । গুৱাহাটীত জাইকাই খান্দি থোৱা গাঁতৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হৈ ছাত্ৰীৰ মৃত্যু হোৱা ঘটনা মাৰ নৌযাওঁতেই এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত । ডিব্ৰুগড়ত জলজীৱন মিছনৰ উন্মুক্ত গাঁতত দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যু ঘটে এজন যুৱকৰ (Open pit of Jal Jeevan Mission in dibrugarh) ।

ডিব্ৰুগড় চহৰৰ গ্ৰাহামবজাৰস্থিত আস্থা হাস্পতালৰ সমীপত বৃহস্পতিবাৰে নিশা ১০.৩৫ বজাত সংঘটিত হয় এই ঘটনা । নিহত যুৱকজন লোহাৰপট্টিৰ আব্দুল ৰহিম বুলি জানিব পৰা গৈছে । নিশা লোহাৰপট্টিৰ পৰা নিজৰ স্কুটীখনেৰে নালিয়াপুলৰ বায়েকৰ ঘৰলৈ গৈ আছিল যুৱকজন । সেইসময়তে পথৰ কাষৰ উন্মুক্ত নলাত পৰি দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে মৃত্যু হয় আব্দুলৰ (A young man dies after falling in an open pit) । ঘটনাৰ পিচতে নিশা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত ।

উল্লেখ্য যে, দুদিনমানৰ পূৰ্বে অনুষ্ঠিত এক সংবাদমেলত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে জলজীৱন আঁচনিৰ নামত খন্দা গাঁতসমূহ এতিয়াও উন্মুক্ত হৈ থকাৰ কথা স্বীকাৰ কৰিছিল । এই সমূহ গাঁত বন্ধ কৰাৰ নিৰ্দেশ দিয়া বুলি তেওঁ দাবী কৰিছিল যদিও এই কৰুণ ঘটনাটো সংঘটিত হয় আজি ।

লগতে পঢ়ক :Guwahati accident news today: ৰাস্তাৰ কাষত গাঁত, এখন দ্ৰুতবেগী স্কুল বাছ আৰু এগৰাকী ছাত্ৰীৰ জীৱন !

ABOUT THE AUTHOR

...view details