অসম

assam

সৰ্প দংশনত এজন যুৱকৰ আকস্মিক মৃত্যু

ETV Bharat / videos

A young man being bitten by a snake in Majuli:মাজুলীত সৰ্প দংশনত এজন যুৱকৰ আকস্মিক মৃত্যু - সৰ্প দংশন

By

Published : Jul 20, 2023, 6:22 PM IST

মাজুলী,20 জুলাই :মাজুলীত সৰ্প দংশনত এজন যুৱকৰ আকস্মিক মৃত্যু হয় । আগদিনা পাতি থোৱা জাল চাবলৈ যাওঁতেই সাপে খুঁট মাৰে যুৱকজনক ৷ মৃত্যু হোৱা যুৱকজন হ’ল মাজুলীৰ বেবেজীয়া গাঁৱৰ মহাবীৰ দাস । যুৱকজনে পুৱাই আগদিনা পাতি থোৱা জাল চাবলৈ গৈছিল । জাল চাই থাকোঁতে যুৱকজনক সাপে দংশন কৰে ।

জানিব পৰা মতে প্ৰথম অৱস্থাত যুৱকজনে সাপে দংশন কৰা বুলি জনা নাছিল । ঘৰলৈ আহিহে সৰ্প দংশনৰ বিষ অনুভৱ কৰে । ইয়াৰ পাচতে গড়মূৰ পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও যুৱকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে । যুৱকজনৰ আকস্মিক মৃত্যুত তেওঁৰ পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে । মাছ বিক্ৰী আৰু দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল যুৱকজনৰ পৰিয়ালটিয়ে ।

লগতে পঢ়ক :A boy Missing in Lohit river: মাজুলীৰ চিতাদাৰ চুকত শোকাবহ ঘটনা

ABOUT THE AUTHOR

...view details