Pond dug by JCB in Dibrugarh: জেচিবিয়ে খান্দি ৰখা দ’ পুখুৰীত পৰি এগৰাকী মহিলাৰ মৃত্যু - জেচিবিয়ে খান্দি ৰখা দ’ পুখুৰী
ডিব্ৰুগড়, 15 জুন :গাঁতৰ নামত আৰু কিমান নিৰীহৰ প্ৰাণ যাব ! ৰাস্তাৰ কাষত গাঁত, ঘৰৰ চৌহদত গাঁত, সকলোতে এতিয়া গাঁতেই গাঁত ৷ কামৰ নামত খান্দি পেলাই থোৱা এই গাঁতসমূহ এতিয়া সাধাৰণ ৰাইজৰ বাবে হৈ পৰিছে মৰণফান্দ সদৃশ ৷ নিতৌ খবৰ আহিছে কাৰোবাৰ নহয় কাৰোবাৰ মৃত্যুৰ ৷ শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ খোৱাং বেতনি চাৰিআলিত জেচিবিয়ে খান্দি ৰখা এটা দ' পুখুৰীত পৰি এগৰাকী মহিলাৰ মৃত্যু হয় । মৃত্যু হোৱা মহিলা গৰাকীৰ নাম গুণদা দিহিঙীয়া (৪৮) ।
গুণদা দিহিঙীয়া নামৰ মহিলা গৰাকীয়ে ঘৰৰ হাঁহ বিচাৰি যাওঁতেই জেচিবিয়ে খান্দি ৰখা দ’ পুখুৰীত পিছলি পৰি অকাল মৃত্যুক সাৱটি লয় । পিচত খোৱাং আৰক্ষীয়ে নিশা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । জানিব পৰা অনুসৰি ঘৰৰ চৌহদতে খান্দি থোৱা আছিল পুখুৰীটো ।
লগতে পঢ়ক :Storm in Barpeta Road: বৰপেটাৰোডত ঘৰৰ ওপৰত গছৰ ডাল পৰি এজৰ মৃত্যু