অসম

assam

শিপিনীৰ ব্য়তিক্ৰমী ফুলাম গামোচা

ETV Bharat / videos

State Anthem in Gamosa: ফুলাম গামোচাত জিলিকিল অসমৰ জাতীয় সংগীত - অসমৰ জাতীয় প্ৰতীক এশিঙীয়া গড়

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 3:28 PM IST

মৰাণ, ১৫ অক্টোবৰ:  অসমীয়া শিপিনীৰ ফুলাম গামোচাত প্ৰাণ পালে অসমৰ জাতীয় সংগীতে । টিংখাঙৰ এগৰাকী সাধাৰণ মহিলাৰ অসাধাৰণ প্ৰতিভাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । টিংখাঙৰ বাজিপহুমৰা গাঁৱৰ বন্দিতা বকলীয়াল নামৰ মহিলাগৰাকীয়ে শিল্প সাধনাৰ বলত গামোচাত পকোৱা সূতাৰে প্ৰস্তুত কৰিছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বিৰচিত অসমৰ জাতীয় সংগীত । 

প্ৰায় তিনি মাহ পূৰ্বে সপ্তাহজোৰা সাধনাৰ অন্তত বন্দিতা বকলীয়ালে গামোচাত লিপিবদ্ধ কৰিবলৈ সক্ষম হয় অসমৰ জাতীয় সংগীত । শিপিনী গৰাকীৰ এই সৃষ্টিশীল কাৰ্য এতিয়া অঞ্চলজুৰি যথেষ্ট চৰ্চিত হৈছে ।

উল্লেখযোগ্য যে জীয়ৰী কালৰ পৰাই তাঁতশালৰ সৈতে জড়িত হৈ থকা বন্দিতা বকলীয়ালে ইতিপূৰ্বে গামোচাত নামঘোষা, অসমৰ জাতীয় প্ৰতীক এশিঙীয়া গঁড়, হৰিণাকে ধৰি অসমৰ সমাজ আৰু জৈৱ বৈচিত্ৰৰে সংস্পৃক্ত বিভিন্ন ধৰণৰ আৰ্হি প্ৰস্তুত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । বাজিপহুমৰা গাঁৱৰ চন্দন বকলীয়ালৰ পত্নী তথা দুটা সন্তানৰ মাতৃ বন্দিতাই ঘৰুৱা দায়িত্বৰ মাজতে আজৰি সময়ত বয়ন শিল্পৰ সৈতে জড়িত হৈ আহিছে ।  

ৰাইজৰ সঁহাৰি তথা আশীৰ্বাদ লাভ কৰিলে ভৱিষ্যতে তাঁতশালত নতুন নতুন সৃষ্টিৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে বন্দিতা বকলীয়ালে । "অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে" মহামানৱ মহাত্মা গান্ধীয়ে সেই সময়তেই অসমৰ শিপিনী সকলক লৈ কৰা এই মন্তব্যকে যেন সময়ে সময়ে বাস্তৱায়িত কৰি আহিছে বন্দিতা বকলীয়ালৰ দৰে শিপিনীসকলে ।

লগতে পঢ়ক:Corruption in Dhemaji Irrigation Scheme: ধেমাজিত জলসিঞ্চন আঁচনিৰ পৰা নোলাল এটুপিও পানী

ABOUT THE AUTHOR

...view details