A story of a cyclist: বয়সেও তলাব নোৱৰা এগৰাকী দুৰন্ত তৰুণ - ৫ ঘন্টা চাইকেল চলাই অভিলেখ
মন যদি স্থিৰ হয়, লক্ষ্য যদি সু-নিশ্চিত হয় তেন্তে সফলতাৰ ক্ষেত্ৰত বয়স কেতিয়াও বাধা হ’ব নোৱাৰে । এনে এক উদাহৰণ দাঙি ধৰিলে গুৱাহাটীৰ নুনমাটি অঞ্চলৰ বাসিন্দা সমুদ্ৰ প্ৰকাশ ডেকাই । ৫৫ ঊৰ্ধৰ এইগৰাকী ব্যক্তিয়ে নিজৰ ধৈৰ্য আৰু একাগ্ৰতাৰ ফলস্বৰূপে একে লেথাৰিৰে ৭৫ ঘন্টা চাইকেল চলাই ১০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অসম্ভৱকো সম্ভৱ কৰি তুলিলে । জানিব পৰা মতে, সমুদ্ৰ প্ৰকাশ ডেকা ই এল.অ.চি ১০০০ বি.আৰ.এম চাইকেল যাত্ৰাৰ অংশ হিচাপে অডাক্স ইণ্ডিয়া ৰণ্ডোনেৰ্ছৰ (Audax India Randonneurs) অধীনত চলিত বৰ্ষৰ ২৮ অক্টোবৰ পৰা ৩১ অক্টোবৰলৈ দিল্লীৰ পৰা আটাৰীলৈ পুনৰ আটাৰীৰ পৰা দিল্লীলৈ ৭৫ ঘণ্টীয়া এই যাত্ৰা সফলভাৱে সমাপ্ত কৰি কৃতিত্ব অৰ্জন কৰে । সমুদ্ৰ প্ৰকাশ ডেকাৰ এনে কৃতিত্বৰ স্বীকৃতিস্বৰূপে শনিবাৰে গুৱাহাটীৰ দুৰান্ত ক্লাৱ নামৰ অনুষ্ঠানটোৱে অসম সচিবালয় উদ্যানত (Assam Secretariat Park) আয়োজন কৰা এক অনুষ্ঠানত তেওঁক বিশেষভাৱে সম্বৰ্ধনা জনায় ৷
Last Updated : Feb 3, 2023, 8:31 PM IST