অসম

assam

অসম ফুটবল সংস্থাই ষ্টেট লীগ অনুষ্ঠিত কৰাৰ বাবে বদ্ধ পৰিকৰ : শান্তনু পূজাৰী

ETV Bharat / videos

Assam Football: এইবাৰ অসমবাসীয়ে অসম ফুটবলত নতুনত্ব দেখিবলৈ পাব: শান্তনু পূজাৰী - এইবাৰ অসমবাসীয়ে অসম ফুটবলত নতুনত্ব দেখিবলৈ পাব

By

Published : May 25, 2023, 9:12 PM IST

Updated : May 25, 2023, 10:49 PM IST

যোৰহাট, 25 মে’ :দ্বিতীয়বাৰৰ বাবে অসম ফুটবল সন্থাৰ উপ সভাপতি ৰূপে নিৰ্বাচিত হৈছে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ আৰু যোৰহাট জিলা ক্ৰীড়া সন্থা সভাপতি শান্তনু পূজাৰী । দ্বিতীয়টো কাৰ্যকালৰ বাবে উপ সভাপতি ৰূপে পূজাৰীৰ নিৰ্বাচিত হোৱা লগে লগে তেওঁ অনুগামী মহলৰ লগতে গৃহ জিলা যোৰহাটতো আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে (Assam Football vice president)।

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শান্তনু পূজাৰীয়ে কয়, ‘‘এই বছৰ অসম ফুটবলত নতুন সংযোজন আৰু বহু আমূল পৰিবৰ্তন দেখিবলৈ সক্ষম হ’ব অসমবাসী ৰাইজে । এইবাৰ অসম ফুটবল সংস্থাই বেৱী লীগ, ইউট লীগ আদি খেল ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব । এই খেলসমূহৰ জৰিয়তে নতুন প্ৰতিভা সন্ধান কৰিব পৰা যায়’’ ।

লগতে তেওঁ কয়, ‘‘অসম ফুটবল সংস্থাই ষ্টেট লীগ অনুষ্ঠিত কৰাৰ বাবে বদ্ধ পৰিকৰ । কাৰণ ষ্টেট লীগ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুনামেন্টলৈ অসমৰ খেলুৱৈৰ অংশগ্ৰহণৰ স্থান সুনিশ্চিত কৰিব পৰা যাব ৷ এইবাৰ অসম ফুটবল সংস্থাই গ্ৰামাঞ্চল পৰা, নতুন একাডেমী পৰা, নতুন প্ৰতিভা সন্ধান কৰাত অধিক গুৰুত্ব প্ৰদান কৰিব ৷ অসম ফুটবল সংস্থা কাৰণে ই হ’ব প্ৰত্যাহ্বানমূলক কাম । প্ৰত্যাহ্বান ওফৰাই অসম ফুটবলক নতুনত্ব দিয়া হ’ব আৰু বড়োলেণ্ডতো ফুটবল লীগ অনুষ্ঠিত কৰাৰ হ’ব’’ ।

লগতে পঢ়ক :Mega appointment letter distribution : চৰকাৰী চাকৰী লাভ কৰি সুখী ৰাজ্যৰ বহু যুৱক-যুৱতী

Last Updated : May 25, 2023, 10:49 PM IST

ABOUT THE AUTHOR

...view details