Murkongselek Rangia Train: বিশ্বনাথ চাৰিআলিত চলন্ত ৰে'লৰ ওপৰত বাগৰিল গছ - মূৰ্কংচেলেক ৰঙিয়া অভিমুখী ৰেল
Published : Nov 3, 2023, 10:32 PM IST
বিশ্বনাথ, ৩ নৱেম্বৰ :বিশ্বনাথ চাৰিআলিত শুকুৰবাৰে সংঘটিত হ'ল অঘটন । চলন্ত ৰে'লৰ ওপৰত বাগৰি পৰিল এজোপা গছ ৷ অৱশ্য়ে কথমপি ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল নামনিমুৱা মূৰ্কংচেলেক-ৰঙিয়া অভিমুখী ১৫৮৯৬ নম্বৰৰ ৰে'লখন ৷ উল্লেখ্য় যে বিশ্বনাথ চাৰিআলি ৰে'ল ষ্টেচনৰ পৰা দুই-তিনি কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছতেই এই ঘটনাটো সংঘটিত হয় ।
নামনিমুৱা মূৰ্কংচেলেক-ৰঙিয়া অভিমুখী ১৫৮৯৬ নম্বৰৰ ৰে'লখন উক্ত ঠাইখিনি অতিক্ৰিম লওঁতেই ৰে'ললাইনৰ কাষতে এজন লোকে কাটি থকা এজোপা গছ হঠাৎ বাগৰি পৰে চলন্ত ৰে'লখনৰ ওপৰত ৷ ইয়াৰ ফলত একাধিক যাত্ৰী সামন্যভাৱে আহত হয় ৷ ঘটনাটো সংঘটিত হোৱা বাবে ২০ মিনিট সময় ৰখায় দিব লগা হয় এই ৰে'লখন ৷ গছ কটা লোকজনৰ অসাৱধানতাৰ বাবেই এই ঘটনা সংঘটিত হয় ৷ ৰে'লৰ আগত গছ জোপা পৰা হ'লে ভয়াৱহ ঘটনা সংঘটিত হোৱাটো নিশ্চিত আছিল ৷ ইফালে, ৰে'ল আৰক্ষীয়ে এই লোকজনক উক্ত কাৰ্যৰ বাবে আটক কৰে ।
লগতে পঢ়ক:IG Conference of Assam Rifles : ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছে ভূমিকা লৈছে; মহাপৰিদৰ্শক