বকোৰ নাম শান্তিপুৰত বনৰীয়া হাতীয়ে খেদি খেদি প্ৰাণ ল’লে এজনৰ
Published : Jan 10, 2024, 4:14 PM IST
বকো, 10 জানুৱাৰী : বকোৰ নাম শান্তিপুৰত অঘটন । বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ । নিহত লোকজন অনিল ৰাভা (৪৩) বুলি জানিব পৰা গৈছে । অনিল ৰাভাৰ ঘৰ কতাহবাৰী গাঁৱত । জাকৰ পৰা ফালৰি কাটি অহা হাতী এটাই মানুহৰ জুম দেখি খেদা লয় ৷ হাতীটোৱে খেদা মাৰি অহাত সকলোৱে পলায়ন কৰে যদিও অনিল ৰাভাক আক্ৰমণ কৰে হাতীটোৱে । জনবসতিপূৰ্ণ এলেকাৰ পৰা হাতীটো খেদিবলৈ যাওঁতেই এই অঘটন ঘটে । নাম শান্তিপুৰৰ ৰাজেন্দ্ৰ মাৰাকৰ গৃহৰ চৌহদতে সংঘটিত হয় এই অঘটন ৷
স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, বন বিভাগৰ লোক উক্ত অঞ্চললৈ আহিছিল যদিও আজিলৈকে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ । কেৱল চাইয়েই গুচি যায় তেওঁলোক ৷ যোৱা দেওবাৰেও বৰখালত একেটা হাতীৰ আক্ৰমণত নিহত হয় আন এজন লোক । হাতীটোৰ আক্ৰমণত মৃত্যুক সাৱটি লৈছিল কমলেশ্বৰ বড়ো নামৰ এজন লোকে । তৎসত্বেও হাতীটো খেদিবলৈ বন বিভাগে লোৱা নাই কোনো ব্যৱস্থা । বন বিভাগৰ অমনোযোগিতাত ক্ষুণ্ণ হৈ পৰিছে অঞ্চলবাসী । উল্লেখ্য যে, পশ্চিম কামৰূপ বন সংমণ্ডল এলেকাত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ।
লগতে পঢ়ক :বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু