Exemplary Deed:আজিও জীয়াই আছে মানৱতা, গৰাকীক ওভতাই দিলে হেৰুওৱা পঞ্চাশ হাজাৰ টকা - জীয়াই আছে মানৱতা
Published : Sep 22, 2023, 7:58 PM IST
জোনাই, ২২ ছেপ্টেম্বৰ :ঘটনাটো জোনাইৰ, বেংকত শাৰী পাতি থাকোঁতেই ঘটিল অঘটন ৷ বেংকৰ পৰা উলিয়াই অনা ধন বেগত ভৰাবলৈ লওঁতেই তাৰে সৰহভাগ ধন পৰি গ’ল মজিয়াত, কিন্তু গম নাপালে গৰাকীয়ে ৷ ওলাই গুচি গল তেনেকৈয়ে বেংকৰ পৰা ৷ শাৰীত তেওঁৰ পিচতে থকা মহিলা এগৰাকীয়ে ভৰিত কিবা লগা যেন অনুভৱ কৰি তললৈ চাই দেখে নোটৰ বাণ্ডল ৷ তৎক্ষণাত তেওঁ মহিলাগৰাকীক বিচাৰি যায় যদিও হতাশ হৈ পুনৰ উভতি আহে ৷ সেই টকাৰ বাণ্ডল লৈ তেওঁ ঘৰ পাইগৈ, কিন্তু অস্বস্তিত নিশাটো শান্তিৰে শুব নোৱাৰে ৷
ঘটনাৰ পিচত ধন হেৰুওৱা মহিলা গৰাকীয়ে থানাত এজাহাৰ দাখিল কৰে ৷ বেংকৰ CCTV কেমেৰা পৰীক্ষা কৰাৰ পাচত তেওঁৰ কাষতে থকা এগৰাকী অচিনাক্ত মহিলাই ধনখিনি বুটলি পোৱাৰ সমগ্ৰ দৃশ্য স্পষ্ট হৈ পৰে । বিভিন্ন সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰিও সম্প্ৰচাৰ কৰা হয় ৷ ধন বুটলি লোৱা মহিলাগৰাকীয়ে নিজৰ নাম আৰু চেহেৰা টিভিত প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ আৰক্ষীৰ অৱগত কৰে আৰু ধনখিনি ঘূৰাই দিবলৈ জোনাই আৰক্ষী থানাত উপস্থিত হয় ৷ শুকুৰবাৰে দিনৰ ১১ বজাত ৰাইজৰ সহযোগত মহিলা গৰাকীয়ে জোনাই আৰক্ষী থানাত উপস্থিত হৈ ভুক্তভোগী মহিলাগৰাকীক জোনাইৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সাক্ষাতত ধনখিনি ঘূৰাই দিয়ে ।
উল্লেখ্য যে, জোনাই লাচিত নগৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দিপালী শইকীয়াই ভাৰতীয় ষ্টেট বেংক জোনাই শাখাৰ পৰা বুধবাৰে ৭০,০০০ হাজাৰ টকা নিজৰ পেন্সনৰ ধন উলিয়াই বেগত ভৰাবলৈ লওঁতেই তাৰে ৫০,০০০ টকা বেগৰ পৰা পৰি যায় । তেওঁৰ পিচতে থকা মহিলাগৰাকীয়ে এই সকলো প্ৰত্যক্ষ কৰি তেওঁক হেৰুৱা দিনাই টকাখিনি ঘূৰাই দিবলৈ বিচাৰিছিল যদিও ধনৰ গৰাকীক বিচাৰি পোৱা নাছিল ৷
লগতে পঢ়ক :Slow Loris rescued: জোনাই ১ নং চন্তপুৰ গাঁৱৰ পাৰ দুষ্পাপ্য লাজুকী বান্দৰ উদ্ধাৰ