অসম

assam

By

Published : Dec 5, 2022, 1:55 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ETV Bharat / videos

Wild Elephant terror : বন্যহস্তীয়ে নিদ্ৰা হৰিছে কৃষকৰ

ৰাজ্যত আব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam) ৷ বন্যহস্তীৰ ত্ৰাসে নিদ্ৰা হৰিছে ৰাজ্যবাসীৰ (Wild Elephant terror) ৷ এইবাৰ গোলাঘাট জিলাৰ মৰঙি মৌজাৰ হাজাৰ হাজাৰ বিঘা ধাননি পথাৰৰ সোণোৱালী ধান খাই তহিলং কৰিলে এজাক বন্যহস্তীয়ে ৷ ফলত নিজৰ খেতিডৰাৰ পৰা এমুঠি ধান চপাব নোৱাৰি শোকত ভাগি পৰিছে মৰঙিৰ কৃষকসকল ৷ বিগত কেবাদিন ধৰি উদয়ন চাহ বাগিচাত আশ্ৰয় লৈ থকা এটা বন্যহস্তীৰ জাকে নিশা হ’লেই কাষৰ গৰঙা পথাৰ, হাবিগাঁও, সাৰৰ গাঁও, গোৱলাবস্তি, ফলঙনী, বৰতানি আদি অঞ্চলৰ পথাৰ ধান খাই নষ্ট কৰিছে কেবাডৰা খেতি (Wild Elephant destroy Paddy field) ৷ ইফালে বন বিভাগক খবৰ দিয়াৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোব্ধ হৈ পৰিছে ভুক্তভোগী কৃষকসকল ৷ ইফালে কলিয়াবৰৰ বামুণী পথাৰত বন্যহস্তীৰ আক্ৰমণত আহত হৈছে দুই ভাতৃ । দেওবাৰে নিশা ঘৰৰ চোতালতে হাতীৰ গছকত গুৰুতৰভাৱে আহত হয় দুই ভাতৃ ৷ তথ্য অনুসৰি, আহত যুৱকদ্বয়ক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details