অসম

assam

2 লাখ টকাৰ প্ৰলোভন দি যুৱতীক বলি দিবলৈ কুঅভিসন্ধি চুবুৰীয়াৰ

ETV Bharat / videos

Human sacrifice case: 2 লাখ টকাৰ প্ৰলোভন দি যুৱতীক বলি দিবলৈ কুঅভিসন্ধি চুবুৰীয়াৰ

By

Published : May 24, 2023, 5:36 PM IST

নাজিৰা, 24 মে’ :  শিৱসাগৰৰ নাজিৰাত সভ্য সমাজক লজ্জানত কৰা জঘন্য ঘটনা পোহৰলৈ আহিছে ৷ গুপ্তধনৰ লালসাত নৰবলিৰ চেষ্টা এগৰাকী যুৱতীক (Human sacrifice case) ৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ বিহুবৰত সংঘটিত হৈছে এই গাৰ নোম শিঁয়ৰি যোৱাৰ ঘটনা ৷  গুপ্তধনৰ সন্ধানত এগৰাকী যুৱতীক বলিৰ কুঅভিসন্ধি ৰচিছিল এজন চুবুৰীয়া ব্যক্তিয়ে (A girl tries to sacrifice by neighbors )।  

ঘটনা অনুসৰি মুচোৰা মুণ্ডা নামৰ এজন ব্যক্তিয়ে গুপ্তধন লাভৰ আশাত ঘৰৰ কাষৰে এগৰাকী যুৱতীক বহু দিন ধৰি নিৰীক্ষণ কৰি আছিল (Human sacrifice case in Sivasagar) ৷ এদিন সুযোগ বুজি যুৱতীগৰাকীক কামৰ পৰা আহি থকাৰ সময়তে লোকজনে ৰ’বলৈ দি গুপ্তধনৰ কথা প্ৰকাশ কৰে ৷ যুৱতীগৰাকীয়ে এই কথা শুনি মোক কিয় এই কথা কৈছে বুলি সোধাত লোকজনে এই ধন প্ৰাপ্ত কৰিবলৈ তেওঁক যুৱতীগৰাকীৰ প্ৰয়োজন বুলি কয় ৷ লগয়ে কয়, "মোক পূজাৰ বাবে 5 ফুট 9 ইঞ্চিৰ তোৰ দৰে যুৱতী লাগে ৷ তই পূজাত বহিব লাগিব ৷ তোক বলি দিয়া হ’ব ৷ তাৰ বিনিময়ত তোৰ মাতৃক মই 2 লাখ টকা দিম ৷"

ইয়াৰ পিচতে যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ নস্যাৎ কৰাত মুচোৰাই দাবী ধমকি দিবলৈ আৰম্ভ কৰে যুৱতীগৰাকীক ৷ যুৱতীগৰাকীয়ে নিজ ইচ্ছামতে নগ’লে মুচোৰাই মানুহ লগাই তেওঁক উঠাই লৈ যাব, অপহৰণ কৰিব, ইয়াৰোপৰি হত্যা কৰিব বুলিও ধমক দিয়ে বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে ৷  

ইয়াৰ পিচতে ভীতিগ্ৰস্ত হৈ যুৱতীগৰাকীসহ পৰিয়াল বিহুবৰ আৰক্ষী কাষ চাপে ৷ যুৱতীগৰাকীয়ে বিহুবৰ আৰক্ষীৰ থানাত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ পলাতক অৱস্থাত মুচোৰা মুণ্ডা।

লগতে পঢ়ক:Central minister Kiren Rijiju Nalbari visit: নলবাৰীত দলীয় সভা সম্পন্ন কৰি সংবাদমেল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

ABOUT THE AUTHOR

...view details