অসম

assam

তাচ পাতৰ দৰে খহি পৰিল চাৰিমহলীয়া অট্টালিকা

By

Published : Aug 19, 2022, 8:56 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

মুম্বাইত শুকুৰবাৰে পুৱতি নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ নিশা 12.30 বজাত মুম্বাইৰ বৰিভালি পশ্চিমৰ চাইবাবা নগৰস্থিত চাৰিমহলীয়া অট্টালিকা গীতাঞ্জলি ভৱনটো চকুৰ পচাৰতে তাচ পাতৰ দৰে খহি পৰে (Four storey building collapses in Mumbai)৷ বৃহন্মুম্বাই পৌৰ নিগমে (বিএমচি)জনোৱা অনুসৰি ঘটনাস্থলীত 8খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু জোৱান উপস্থিত হয় ৷ অৱশ্যে এই ভয়াৱহ ঘটনাত কোনো হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ যদিও অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে ধ্বংসাৱশেষৰ তলত কোনোবা আৱদ্ধ হৈ আছে নেকি এতিয়াও পৰীক্ষা অব্যাহত ৰাখিছে (some people feared trapped)৷ ইফালে বৃহন্মুম্বাই পৌৰ নিগমৰ (বিএমচি) আৰ-চেণ্ট্ৰেল ৱাৰ্ডে দিয়া তথ্য অনুসৰি পূৰ্বতেই ভৱনটো জৰাজীৰ্ণ বুলি ঘোষণা কৰা হৈছিল আৰু তাত বাস কৰা লোকসকলক খালী কৰা হৈছিল ৷ কিন্তু তাৰ পিছতো অট্টালিকাটোত কিছু লোকে বসবাস কৰা বুলি আশংকা কৰিছে ৷ এই ঘটনাৰ পিছতে বিএমচি (Brihanmumbai Municipal Corporation (BMC) ) আৰু আৰক্ষীয়ে কমপ্লেক্সটোত থকা বাকী 3 টা ভৱনত বাস কৰা 75 টা পৰিয়ালক তাৎক্ষণিকভাৱে স্থানান্তৰ কৰে ৷ বৰ্তমান এই সকলো লোককে বিএমচিৰ অধীনৰ এখন বিদ্যালয়ত থাকিবলৈ ব্যৱস্থা কৰি দিছে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details